Gaurav Gogoi reacts on Zubeen Garg death probe, elephant-human conflict and PM Modi’s visitGaurav Gogoi reaction: প্ৰধামন্ত্ৰীৰ ভ্ৰমণ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক কৈ প্ৰতিক্ৰিয়া সাংসদ গৌৰব গগৈৰ

ডিজিটেল যুগত হাতী-মানুহৰ সংঘাত দুৰ্ভাগ্যজনক: সাংসদ গৌৰৱ গগৈ

যোৰহাট: ৰাজ্যত অব্যাহত থকা হাতী-মানুহৰ সংঘাতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে(Gaurav Gogoi reaction)। মৰিয়নিৰ এজন খেতিয়কৰ মৃত্যু আৰু শেহতীয়াকৈ ৰে’লৰ খুন্দাত ৭ টাকৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰিছে সাংসদগৰাকীক। বিকাশৰ সমান্তৰালভাৱে পৰিৱেশ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বিষয়টোত চৰকাৰে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলিও মন্তব্য কৰে সাংসদ গৌৰব গগৈয়ে।

বান আৰু গৰাখহনীয়াৰ বাবে কেন্দ্ৰই কিমান ধন দিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী সাংসদ গৌৰৱ গগৈৰ

বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ পুনৰ সৰৱ হৈ পৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাই সাংসদগৰাকীয়ে অসমলৈ আগবঢ়োৱা আৰ্থিক অনুদানৰ এখন শ্বেতপত্ৰ (White Paper) প্ৰকাশ কৰিবলৈ দাবী জনাইছে(PM Modi Assam visit)।

জুবিন গাৰ্গৰ চৰিত্ৰ হহনৰ চেষ্টা চলিছে নেকি? গৌৰৱ গগৈৰ বিস্ফোৰক প্ৰশ্ন

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত সাংসদগৰাকীয়ে অভিযোগ কৰে যে এটা বিশেষ কোম্পানীয়ে কিছুমান ব্যক্তিক কিয় লাখ লাখ টকা দিছিল, তাৰ কোনো তদন্ত হোৱা নাই। তেখেতে ‘অসম এছ’চিয়েশ্যন’ (Assam Association)ৰ সৈতে জড়িত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰা ব্যক্তিসকলক কিয় ‘ক্লিন শ্বিট’ দিয়া হৈছে, তাক লৈ প্ৰশ্ন উত্থাপন কৰে(Zubeen Garg death probe)।

গগৈয়ে পোনপটীয়াকৈ শ্যাম কানু মহন্তৰ নাম উল্লেখ কৰি কয় যে তেওঁৰ ওপৰত কোনো তদন্ত হোৱা নাই। চৰকাৰে ন্যায় বিচৰাৰ সলনি জুবিন গাৰ্গৰ চৰিত্ৰ হহন কৰি তেখেতৰ অৱদান আৰু আদৰ্শক মানুহৰ মনৰ পৰা মচি পেলাবলহে বিচাৰিছে বুলিও সন্দেহ প্ৰকাশ কৰে সাংসদ গৌৰব গগৈয়ে(Gaurav Gogoi Congress)।

লগতে পঢ়ক: Viksit Assam Viksit Bharat: বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হ’ব: নৰেন্দ্ৰ মোডী


Advertisement