Nagaon Eviction Drive ContinuesNagaon Eviction Drive : মধ্য অসমত চতুৰ্থ দিনাও অব্যাহত উচ্ছেদ অভিযান

নগাঁও: মধ্য অসমৰ নগাঁৱত ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযান আজি চতুৰ্থ দিনাও অব্যাহত থাকে। চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চলৰ লগতে জলাশয় সমুহ বেদখলমুক্ত কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ অংশস্বৰূপে নগাঁৱৰ ধিঙত নগাঁও জিলা প্ৰশাসনে আৰম্ভ কৰে উচ্ছেদ অভিযান(Nagaon eviction drive)। ধিং ৰাজহ চক্ৰৰ অধীনৰ বিল, জলাশয় দখল কৰি একাংশ লোকে পুখুৰী নিৰ্মাণ কৰি মৎস্য পালন কৰি অহা পুখুৰীত উচ্ছেদ কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হয়(Central Assam encroachment removal)।

নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী মৈৰাধ্বজ মাগুৰমাৰী বিলৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি চতুৰ্থ দিনাও ৮-০০ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে(Wetland encroachment Assam)।

চতুৰ্থ দিনাৰ উচ্ছেদ অভিযানত বৃহত্তৰ ৰৌমাৰী মৈৰাধ্বজ মাগুৰমাৰী বিলৰ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ ভূমিখণ্ড বেদখলমুক্ত কৰা হয় । উক্ত বিলখনত বিগত বহুবছৰ ধৰি কিছুসংখ্যক লোকে বিলখনৰ পাৰ বান্ধি বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰি অবৈধভাৱে বেদখল কৰি মাছৰ ব্যৱসায় কৰি আছিল । যাৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্র অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষতিসাধন হৈছিল।

আজিৰ এই উচ্ছেদ অভিযানত পকলেন এস্কেভেটৰ লগাই পুখুৰীসমূহৰ পাৰৰ বান্ধসমূহ ভাঙি মাটিসমূহ বেদখলমুক্ত কৰা হয় । আজিৰ উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাবে সমাপন হয় আৰু বিলখন সম্পূৰ্ণভাৱে বেদখলমুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান চলি থাকিব(Government land eviction Assam) ।
আজিৰ এই উচ্ছেদ অভিযানত জিলাখনৰ বহুসংখ্যক আৰক্ষীক নিয়োগ কৰা হৈছিল।

শনিবাৰৰ এই উচ্ছেদ অভিযান স্থলীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলকে প্ৰমুখ্য কৰি আৰক্ষী প্ৰশাসন অন্যান্য বিষয়াসকল আৰু ধিং ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

লগতে পঢ়ক : বুল্ড’জাৰ নাই, কিন্তু বৃহৎ উচ্ছেদ মধ্য অসমত – Eviction Drive in Nagaon


Advertisement