illega immigrant deportation assam hojai karbi anglongIllegal Immigrant Deportation: অসমৰ পৰা পুনৰ বিদেশী বহিষ্কাৰৰ নিৰ্দেশ

হোজাইঃ অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বিদেশীৰ সম্পৰ্কত কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰা নহ’ব বুলি সকিয়নি দিয়াৰ সময়তে বিভিন্ন জিলাত ঘোষিত বিদেশী বহিস্কাৰৰ নিৰ্দেশ জাৰী কৰা হৈছে। যোৱা ১৭ ডিচেম্বৰত নগাঁও জিলাত বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা ১৫ জন বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰাৰ পাছতেই এইবাৰ হোজাই জিলাতো অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। হোজাই জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এক চৰকাৰী নিৰ্দেশযোগে যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰজাৰী মাজগাঁও গাঁৱৰ বাসিন্দা আব্দুল লতিফৰ পুত্ৰ আব্দুল মাজিদক অসমৰ পৰা বহিষ্কাৰ কৰাৰ আদেশ জাৰি কৰিছে (Illegal Immigrant Deportation)।

প্ৰাপ্ত তথ্য অনুসৰি, আব্দুল মাজিদৰ বিৰুদ্ধে হোজাই বিদেশী ট্ৰাইব্যুনেলত চলি থকা F.T.(D) কেছ নং ১৬৭৪/২০১৭ ৰ শুনানিৰ অন্তত ২০১৮ চনৰ ৩ জুলাই তাৰিখে তেওঁক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল। ট্ৰাইব্যুনেলৰ এই ৰায়ৰ পিছত জিলা আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰে। হোজাই জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে দাখিল কৰা পত্ৰ আৰু ট্ৰাইব্যুনেলৰ চূড়ান্ত ৰায়ৰ ভিত্তিতেই জিলা প্ৰশাসনে বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে (Deportation order Assam)।

এই অনুসৰি, অসম চৰকাৰৰ অধীনত প্ৰণীত Immigrants (Expulsion from Assam) Act, 1950 অনুসৰি আব্দুল মাজিদক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ ভূখণ্ড ত্যাগ কৰি ভাৰতৰ সীমাৰ বাহিৰলৈ গমন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। হোজাই জিলা উপায়ুক্তই যোৱা ১৯ ডিচেম্বৰ তাৰিখে জাৰি কৰা ১৬৫৯১৮/৪৩ নম্বৰৰ চৰকাৰী নিৰ্দেশ পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, উক্ত নিৰ্দেশ মানি চলাত ব্যৰ্থ হ’লে প্ৰচলিত আইন অনুসাৰে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব(Foreigners Tribunal Assam)।

প্ৰশাসনৰ এই পদক্ষেপে হোজাই জিলাত অবৈধভাৱে বসবাস কৰি থকা বিদেশীৰ বিৰুদ্ধে চৰকাৰ যে কোনো ধৰণৰ শিথিলতা দেখুৱাবলৈ ইচ্ছুক নহয়, সেই বাৰ্তা পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে (Declared Foreigner Assam)।

উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত বিদেশী ট্ৰাইব্যুনেলৰ ৰায়ৰ ভিত্তিত অবৈধ বিদেশীৰ বিৰুদ্ধে একাধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পাছতেই হোজাই জিলাত এইদৰে বহিষ্কাৰৰ নিৰ্দেশ জাৰি হোৱাত প্ৰশাসনিক মহলত সক্ৰিয়তা বৃদ্ধি পোৱাৰ লগতে সাধাৰণ জনতাৰ মাজতো চৰকাৰৰ কঠোৰ নীতিক লৈ আলোচনা আৰম্ভ হৈছে।

ইপিনে কাৰ্বি আংলং জিলাতো অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলা প্ৰশাসনে বিদেশী ন্যায়াধিকৰণ (Foreigners’ Tribunal–FT), কাৰ্বি আংলংৰ বিভিন্ন সময়ৰ ৰায়ৰ ভিত্তিত চাৰি জন ব্যক্তিৰ বিৰুদ্ধে বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিছে। এই ৰায়সমূহ ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে পৃথক পৃথক কেছত প্ৰদান কৰা হৈছিল বুলি জানিব পৰা গৈছে(Deportation Order Assam)।


প্ৰশাসনৰ সূত্ৰ অনুসৰি,

বহিষ্কাৰৰ নিৰ্দেশ পোৱা ব্যক্তিসকল হৈছে—খটখটি আৰক্ষী থানাৰ অন্তৰ্গত দুদু কলনিৰ বাসিন্দা মঃ আবাছ খান, যাক FT কেছ নং ১৫৬/২০১০ অনুসৰি ২০১৭ চনৰ ১৬ অক্টোবৰত বিদেশী হিচাপে ঘোষণা কৰা হৈছিল; একে এলেকাৰ মঃ আমিৰ উদ্দিন, যাক FT কেছ নং ১২/২০১০ অনুসৰি ২০১৬ চনৰ ৭ ফেব্ৰুৱাৰীত বিদেশী ঘোষণা কৰা হৈছিল। আন দুজন হৈছে—হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰং নগৰৰ বাসিন্দা মঃ মাইনুল হক, যাক FT কেছ নং ১২৩/২০০৭ অনুসৰি ২০২৩ চনৰ ৮ নৱেম্বৰত বিদেশী হিচাপে ঘোষণা কৰা হৈছিল আৰু খটখটি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ বাসিন্দা মঃ আনোৱাৰ আলী, যাক FT কেছ নং ১০৮/২০০৯ অনুসৰি ২০১৫ চনৰ ৩ জানুৱাৰীত বিদেশী ঘোষণা কৰা হৈছিল।

কাৰ্বি আংলং জিলাৰ জিলা দণ্ডাধীশ নিৰোলা ফাংচোপিয়ে Immigrants (Expulsion from Assam) Act, 1950ৰ ধাৰা ২ অনুসৰি লাভ কৰা ক্ষমতা প্ৰয়োগ কৰি এই চাৰিজনক নিৰ্দেশ পত্ৰ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত অসম তথা ভাৰতৰ ভূখণ্ড ত্যাগ কৰিবলৈ আদেশ জাৰি কৰিছে।

লগতে পঢ়কঃ ২০ বছৰৰ পুৰণা ট্ৰাইব্যুনেল ৰায়ৰ আধাৰত নগাঁৱৰ ১৫ জন ঘোষিত বিদেশীক ২৪ ঘণ্টাৰ আল্টিমেটাম


Advertisement