নিউজ ডেস্ক: কাৰণ আজি ২১ ডিচেম্বৰ । বছৰৰ আটাইতকৈ দীঘল ৰাতি(Longest Night of the Year)। প্ৰতিবছৰে ২১ ডিচেম্বৰত ৰাতি দীঘল হয় আৰু দিন চুটি হয়। ২১ ডিচেম্বৰক জ্যোতিষ শাস্ত্ৰ মতে শীতকালীন অয়নান্ত (Winter Solstice 2025) বুলি কোৱা হয়। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ২১ বা ২২ তাৰিখে সংঘটিত হোৱা শীতকালীন অয়নান্ত পৃথিৱীৰ এক গুৰুত্বপূৰ্ণ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা । এই দিনটোত উত্তৰ গোলাৰ্ধত (Southernmost point) বছৰৰ আটাইতকৈ সৰু দিন আৰু আটাইতকৈ দীঘলীয়া ৰাতি দেখা যায় (Shortest Day Longest Night)।
২১ ডিচেম্বৰৰ শীতকালীন অয়নান্ত কেৱল এটা দিন-ৰাতিৰ পৰিৱৰ্তনৰ ঘটনা নহয়, বৰং ই পৃথিৱী–সূৰ্য ব্যৱস্থাৰ এক মৌলিক বৈজ্ঞানিক সত্যৰ প্ৰতিফলন। ভাৰতো উত্তৰ গোলাৰ্ধত অৱস্থিত হোৱাৰ বাবে এই ঘটনাৰ প্ৰভাৱ দেশখনতো স্পষ্টভাৱে অনুভূত হয়(Winter Solstice in India)। বিজ্ঞানীসকলৰ মতে, শীতকালীন অয়নান্তৰ মূল কাৰণ হৈছে পৃথিৱীৰ হেলনীয়া ঘূৰ্ণন অক্ষ। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে ইয়াৰ ঘূৰ্ণন অক্ষ প্ৰায় ২৩.৫ ডিগ্ৰী হেলনীয়া হৈ থাকে। এই হেলনীয়া হোৱাৰ ফলতেই বছৰৰ বিভিন্ন সময়ত সূৰ্যৰ পোহৰ পৃথিৱীৰ ভিন্ন অংশত অসমভাৱে পৰে আৰু ঋতুৰ সৃষ্টি হয়।
শীতকালীন অয়নান্তৰ দিনা সূৰ্য আকাশত সৰ্বাধিক দক্ষিণ দিশত অৱস্থিত হয় আৰু মকৰ ৰেখাৰ ওপৰত প্ৰায় প্ৰত্যক্ষভাবে দেখা যায়। এই সময়ত সূৰ্য দিগন্তৰ অতি তলৰ পথেদি গতি কৰে, যাৰ ফলত সূৰ্যোদয় দেৰিকৈ হয় আৰু সূৰ্যাস্ত সোনকালে হয়। ইয়াৰ পৰিণতিত দিনৰ পোহৰ সৰ্বনিম্ন হৈ ৰাতিৰ সময় সৰ্বাধিক দীঘলীয়া হয়।
এই দিনটোত সূৰ্যৰ উচ্চতা বছৰৰ ভিতৰত সৰ্বনিম্ন বিন্দুত উপনীত হয়। ইয়াকেই জ্যোতিৰ্বিজ্ঞানে “অয়নান্ত” বুলি কয়—যাৰ অৰ্থ সূৰ্যৰ আপাত গতিৰ এক চূড়ান্ত সীমা(Astronomical Events December)। এই সীমালৈ আহি সূৰ্যৰ গতি যেন ক্ষণিকৰ বাবে থমকি ৰয়, তাৰ পাছতেই সূৰ্য পুনৰ উত্তৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে।
শীতকালীন অয়নান্তৰ পাছৰ পৰা দিনবোৰ ধীৰে ধীৰে দীঘল হ’বলৈ আৰম্ভ কৰে, যদিও শীতৰ প্ৰভাৱ তেতিয়াও কেইবা সপ্তাহ ধৰি থাকে । ইয়াৰ কাৰণ হৈছে পৃথিৱী আৰু বায়ুমণ্ডলত সঞ্চিত ঠাণ্ডা তাপশক্তি। সেইবাবে অয়নান্তৰ দিনটো বছৰৰ আটাইতকৈ ঠাণ্ডা দিন হোৱাটো বাধ্যতামূলক নহয় । অৰ্থাৎ Winter Solstice যদিও আটাইতকৈ সৰু দিন, তথাপিও এই দিনটো বছৰৰ আটাইতকৈ ঠাণ্ডা দিন নহয়। প্ৰকৃত ঠাণ্ডা সাধাৰণতে ইয়াৰ পাছৰ কেইসপ্তাহমানত বৃদ্ধি পায়।
বৈজ্ঞানিক দৃষ্টিত শীতকালীন অয়নান্ত সূৰ্যচক্ৰৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ। ই পৃথিৱীৰ বাৰ্ষিক কক্ষপথৰ এক নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰে, যাৰ পৰা পোহৰৰ সময় ক্ৰমে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। কাৰণ পৃথিৱীৰ মাটি আৰু সমুদ্ৰে আগতে সঞ্চিত তাপ ধীৰে ধীৰে এৰি দিয়ে। সেই বাবেই ঠাণ্ডাৰ প্ৰভাৱ পাছলৈ অধিক অনুভৱ হয় ।
প্ৰাচীন সভ্যতাত আজিৰ নিশাৰ গুৰুত্ব
প্ৰাচীন সভ্যতাসমূহে Winter Solstice ক গভীৰ তাৎপৰ্যৰে চাইছিল। এই নিশাক অন্ধকাৰৰ শীৰ্ষ বিন্দু বুলি ধৰা হৈছিল । ইয়াৰ পাছতেই পোহৰ ঘূৰি আহে বুলি বিশ্বাস কৰা হৈছিল । বহু সংস্কৃতিত আজিৰ নিশা পূজা-পাঠ আৰু বিশেষ আচাৰ অনুষ্ঠিত কৰা হৈছিল ।
গতিকে আহক আজি দীঘল নিশাটো সকলোৱে উপভোগ কৰো। মিঠা মিঠা সপোন দেখো। শুভৰাত্ৰি….

