বটদ্ৰৱাঃ অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভ উদ্বোধন কৰাৰ পূৰ্বে বৃহৎ সাংস্কৃতিক প্ৰকল্প পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে পুৱাই স্থানীয় বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক লগত লৈ বৃহৎ বটদ্ৰৱা প্ৰকল্প পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Batadrava Cultural Project CM visit)।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্বৰ ভিতৰত অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা অন্যতম অভিলাসী প্ৰকল্প, বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ ৯০ শতাংশ কামেই সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Batadrava Cultural Project)। সোমবাৰে বটদ্ৰৱা প্ৰকল্প পৰিদর্শন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই প্ৰকল্পটি অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব। ৯০ শতাংশ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে যদিও মুকলিৰ পাছত বাকী ১০ শতাংশ কামো সম্পূৰ্ণ হ’ব (Batadrava Cultural Project)।
আজি বটদ্ৰৱা প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লবলৈ উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ হিংসাত্মক ঘটনাক গৰিহণা দি তীব্ৰ সমালোচনা কৰে ।
আনহাতে সাংসদ গৌৰৱ গগৈৰ কিছুমান মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক জীৱনত কেতিয়াও মিছা কথা কোৱা নাই বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে। লগতে গৌৰৱ গগৈৰ এছ আই টিৰ তদন্তক লৈ শংকিত হৈ আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প

