Karbi Anglong Unrestকাৰ্বি ভূমিৰ শান্তি ঘূৰাই অনাৰ চেষ্টা অব্যাহত থকাৰ মাজতে পুনৰ উত্তেজনা কাৰ্বি আংলঙত। খেৰণিৰ ৰাজপথত জ্বলিল বাইক। অব্যাহত চেপা উত্তেজনা। উপস্থিত মন্ত্ৰী ৰনোজ পেগু, ডি জি পি হৰমিত সিং। ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰী।

ডিফুঃ কাৰ্বি ভূমিৰ পৰা অনা কাৰ্বি লোকক উচ্ছেদ কৰাৰ দাবীত অব্যাহত থকা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছত জিলাখনত শান্তি ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰী পক্ষই। সোমবাৰে বিয়লি কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামকাত থকা পুৰণি বাসগৃহত একাংশ প্ৰতিবাদকাৰী আৰু কাৰ্বি আংলঙৰ ৰাইজে অগ্নিসংযোগ কৰাৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে কাৰ্বি ভূমিৰ পৰিস্থিতি। সোমবাৰে নিশাও সমগ্ৰ কাৰ্বি আংলং উত্তপ্ত হৈ থকাৰ সময়তে জিলাখনত শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ বাবে BNS ৰ ১৬৩ ধাৰা বলবৎ কৰে (Karbi Anglong Unrest )।

পৰিস্থিতি শান্ত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাৰ্বি অংলঙত মঙলবাৰে পুৱাই উপস্থিত হয় মন্ত্ৰী ডঃ ৰনোজ পেগু, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং (Assam violence)। আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় কাৰ্বি আংলঙত। মন্ত্ৰী ডঃ ৰনোজ পেগুৱে কাৰ্বি আৰু অনা কাৰ্বি লোকৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হোৱাৰ সময়তে খেৰণি আৰক্ষী থানাৰ সন্মুখত পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Kheroni incident)। খেৰণিত হঠাৎ একাংশ লোকে অগ্নিসংযোগ কৰে বাইকত। ফলত তিনিখনকৈ বাইক সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে (BNS Section 163)।

আনহাতে, কাৰ্বি আংলঙৰ ডংকামকাত স্থানীয় ৰাইজ আৰু শাসকীয় বিধায়কৰ মাজত অনুষ্ঠিত হয় শান্তিসভা। এফালে ডংকামকাত শান্তি সভা চলি থকাৰ সময়তে খেৰণি দলঙৰ সমীপত একত্ৰিত হয় প্ৰতিবাদকাৰী (Karbi Anglong protest)। প্ৰতিবাদকাৰীসকলে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী। আৰক্ষী, অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে (paramilitary force)।

লগতে সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ বাবে অনা কাৰ্বি লোকক উচ্ছেদ কৰিব পৰা নাই বুলি উল্লেখ কৰি সকলোকে শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam CM statement)।

লগতে পঢ়কঃ উত্তপ্ত কাৰ্বি ভূমি, জ্বলিল CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ


Advertisement