Muhiram Saikia Memorial Awardগুৱাহাটীত ৰাষ্ট্ৰীয় গণিত দিৱসৰ গাম্ভীৰ্যপুৰ্ন অনুষ্ঠান : নগাঁৱৰ জেষ্ঠ সাংবাদিক ছফিকুৰ ৰহমানক বঁটা প্ৰদান। Muhiram Saikia Memorial Award

গুৱাহাটী: কিংবদন্তি ভাৰতীয় গণিতজ্ঞ শ্ৰী নিবাস আয়েঙ্গাৰ ৰামানুজনৰ ১৩৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰীৰ জাপৰিগোগৰ অংক ভৱনত সোমবাৰে ৰাষ্ট্ৰীয় গণিত দিৱসটি বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে অনুষ্ঠিত কৰা হয় (Muhiram Saikia Memorial Award)।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত দুপৰীয়া ৰামানুজন, গণিত আৰু অন্যান্য বিষয়ৰ ওপৰত এক অতি গাম্ভীৰ্যপুৰ্ন আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই কাৰ্যসূচীত পূৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন এলেকাৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান, গণিত আৰু অন্যান্য বিষয়ৰ ওপৰত এক উচ্চ মানদণ্ডৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ((National Mathematics Day Assam)। বিখ্যাত কুইজ মাষ্টাৰ মুকুট চৌধুৰীয়ে অতি সুন্দৰ ভাৱে পৰিচালনা কৰা এই কুইজৰ অনুষ্ঠানটি অনুষ্ঠিত কৰাত বিশেষ ভাৱে অৰিহণা যোগায় বেংক বিষয়া সঞ্জীৱ কুমাৰ নাথে। এক সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই অনুষ্ঠানত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক নগদ ধন আৰু মান পত্ৰৰে পুৰস্কৃত কৰা হয়।

ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই অনুষ্ঠানৰ মূখ্য কাৰ্যসূচী ৰামানুজন, গণিত আৰু অন্যান্য বিজ্ঞান বিষয়ক আলোচনা অনুষ্ঠানত নগাঁও জিলাৰ জেষ্ঠ সাংবাদিক ছফিকুৰ ৰহমানক মুহিৰাম শইকীয়া স্মৃতি বঁটা প্ৰদান কৰা হয়। বঁটাৰ সৈতে নগদ ধনো প্ৰদান কৰা হয়। ঘনমুল আৰু বৰ্গ মূল নিৰ্নয়ৰ অভয় পদ্ধতিৰ উদ্ভাৱক বিশিষ্ট সাংবাদিক কৈলাস চৌধুৰীৰ বিশেষ তৎপৰতা আৰু ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই কাৰ্যসূচীত সভাপতিত্ব কৰে বিশিষ্ট স্তম্ভ আৰু গ্ৰন্থ লেখক কানু কান্ত সেনে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত গৃহ নিৰ্মাণ (মেডিকেল) বিভাগৰ মুখ্য অভিযন্তা ভুপেন্দ্ৰ চন্দ্ৰ শৰ্মাই তেখেতৰ দীঘলীয়া ভাষনত ৰামানুজনৰ প্ৰতিভা আৰু অংক শাস্ত্ৰক বিশ্বৰ দৰবাৰলৈ কেনেদৰে নিব পাৰিছিল সেই সম্পৰ্কে বিস্তাৰিতভাৱে বৰ্ননা কৰি কয় যে শ্রী নিবাস ৰামানুজন আছিল এক কিংবদন্তী ভাৰতীয় গণিতজ্ঞ, যিয়ে নিজৰ অপৰিসীম প্রতিভাৰে গণিতৰ জগতখনত এক চিৰস্মৰণীয় স্থান অধিকাৰ কৰি আছে। এইজন মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনে ৩৩ বছৰীয়া অতি চমু জীবন কালত গণিতত এনে আৱিষ্কাৰ কৰিছিল, যিবোৰ বুজিবলৈ বিশ্বৰ গণিতজ্ঞ সকলক বহু বছৰৰ প্রয়োজন হৈছিল।

এই চমু জীবনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালেৰে তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি কৰি এক নতুন ৰূপ দিলে। আদি কালৰে পৰা ভাৰতবর্ষৰ বুকুত বহু বিখ্যাত মনিষীয়ে জন্ম গ্রহণ কৰি গণিত, বিজ্ঞান, জোর্তিবিজ্ঞান, ৰাজনীতি বিজ্ঞান আদিকে ধৰি বিভিন্ন ক্ষেত্রত নিজৰ অতুলনীয় অৱদান আগবঢ়াই বিশ্ববিশ্রুত হৈ পৰিছে। ব্ৰহ্মস্ফুট সিদ্ধান্ত’ ৬২৮ খ্রীষ্টাব্দতে হর্ষবৰ্ধনৰ ৰাজত্বৰ সময়ত গণিত আৰু জ্যোর্তিবিজ্ঞানক লৈ লিখা এখন মহৎ গ্রন্থ। শূন্যৰ আৱিষ্কাৰ আছিল তেখেতৰ অনবদ্য উপহাৰ। আন এজন ভাৰতীয় মনিষী হ’ল আর্য্যভট্ট।

প্রাচীন ভাৰতৰ বিখ্যাত গণিতজ্ঞ সকলৰ মাজত এজন। আপোনালোকে নিশ্চয় জানে প্রথম কৃত্রিম উপগ্রহটোৰ নাম হ’ল ‘আর্যভট্ট’। এইজন মণিষীৰ নামতেই উপগ্রহটো নামাকৰণ কৰা হৈছিল।

ভূপেন্দ্ৰ শৰ্মাই তেখেতৰ ভাষণত আৰু কয় যে শ্রীনিবাস ৰামানুজনৰ ওৰেটো জীৱনেই গণিতৰ বেদীত সর্বোচ্চ ত্যাগৰ কাহিনীৰে সমুজ্জল (Srinivasa Ramanujan Birth Anniversary)। বহুতৰ বাবেই ৰামানুজন আধুনিক ৰহস্য। অধ্যাপক ই.টি বেলৰ বিখ্যাত গ্রন্থ’ Man of Mathematics ত ৰামানুজনক ভগৱানৰ দান বুলি কৈছে। বীজগাণিতীয় সমীকৰণ অসীম শ্রেনীৰ ৰূপান্তৰ আদিত তেওঁৰ অন্তৰ্দৃষ্টি আছিল অতি বিস্ময়জনক। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ পাই (2)ৰ মান নিৰ্ণয়কে ধৰি অসীম শ্রেনী, সংখ্যা তত্ত্ব আৰু মৌলিক সংখ্যাৰ বৈশিষ্ট্য , অবিৰত ভগ্নাংশ আৰু মাক বিটা ফাংচনকে আদি কৰি বিভিন্ন গাণিতিক ফৰ্মুলা আৰু উপপাদ্য আবিষ্কাৰ কৰি গণিতৰ জগত খনত বিশাল অৱদান আগবঢ়াই থৈ যায়।

কেম্ৰিজত এক পৃথক জলবায়ুৰ প্ৰভাৱত পৰি তেওঁ যক্ষ্মা ৰোগত আক্রান্ত হয় আৰু তেওঁৰ স্বাস্থ্য দিনে দিনে ভাপি পৰিবলৈ ধৰে। সেয়ে ৰামানুজনে ১৯১৯ চনৰ ২৭ ফেব্রুৱাৰীত জাহাজেৰে ভাৰতলৈ প্রত্যাবর্তন কৰে। কিন্তু ভাৰতলৈ আহিও তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নহল আৰু ১৯২০ চনৰ ২৬ এপ্রিলত ৩২ বছৰ চাৰি মাহ চাৰি দিনত বিশ্বৰ এই অন্যতম শ্রেষ্ঠ গণিতজ্ঞ জনে নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক সাৱটি লয়। ভূপেন্দ্ৰ শৰ্মাই তেখেতৰ দীঘলীয়া ভাষনৰ অন্তত এই মহান মনীষি গৰাকীৰ আদৰ্শৰে ছাত্ৰ ছাত্ৰীসকলে চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰাৰ কথা কয়। এই গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীৱে ৰাষ্ট্ৰীয় গণিত দিৱসৰ ওপৰত সুন্দৰ ভাৱে তত্ত্ব গধুৰ ভাষন আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত থাকি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিতৰ অধ্যাপক জেচিম হাজৰীকাই তেওঁৰ ভাষনত অংক শাস্ত্ৰৰ বিভিন্ন দিশৰ তথ্য সহকাৰে সমবেত ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৰ্ডত উদাহৰণ সহ বুজাই দিয়ে। কামৰূপ কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড: সূজান কলিতাই সাম্প্ৰতিক সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কিদৰে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ক্ষতিৰ সন্মূখীন হ’বলগীয়া হয় সেই সম্পৰ্কে সুন্দৰকৈ বিস্তাৰিতভাৱে ভাষন প্ৰসংগত উল্লেখ কৰে। ঘনমুল আৰু বৰ্গ মূল নিৰ্নয়ৰ অভয় পদ্ধতিৰ উদ্ভাৱক কৈলাস চৌধুৰীয়ে এংকৰিঙ কৰা অনুষ্ঠানত ৰবীন্দ্ৰ তামুলী আৰু প্ৰবীণ শৰ্মায়ো ভাষন প্ৰদান কৰে ((Mathematics Awareness Programme Guwahati)।

অনুষ্ঠানত প্ৰতিদিন টাইমৰ নিউজ প্ৰডিউচাৰ প্ৰানজিত নেওগো উপস্থিত থাকে। ৰাষ্ট্ৰীয় গণিত দিৱসৰ অনুষ্ঠানত স্বৰ্গীয় মুহিৰাম শইকীয়া স্মৃতি বঁটা গ্ৰহণ কৰি নগাঁৱৰ জেষ্ঠ সাংবাদিক ছফিকুৰ ৰহমানে তেওঁৰ ভাষণত সকলোকে ধন্যবাদ জ্ঞাপন কৰি শ্ৰীনিবাস ৰামানুজনৰ আদৰ্শ গ্ৰহণ কৰি বিশেষকৈ ছাত্ৰ ছাত্ৰী সকল আগবাঢ়ি গ’লে নিশ্চিত ভাৱে তেওঁ লোকে জখলাৰ উচ্চ শিখৰত অৱতৰণ কৰিবলৈ সক্ষম হ’ব পাৰি। ৰহমানে লগতে তেওঁৰ বক্তব্যত কয় যে এই গৰাকী মহান মণিষীৰ জন্ম জয়ন্তী আমাৰ অসমত পালন কৰাৰ দৃশ্য খুবেই কম দেখিবলৈ পোৱা যায় (Safikur Rahman Journalist)। এই ক্ষেত্ৰত চৰকাৰী পক্ষ বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে নজৰ ৰখা খুবেই প্ৰয়োজন আছে। তেওঁ লগতে ঘনমুল আৰু বৰ্গ মূল নিৰ্নয়ৰ অভয় পদ্ধতিৰ উদ্ভাৱক কৈলাস চৌধুৰীৰ উদ্ভাৱন পদ্ধতিক স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰী পক্ষক অনুৰোধ জনায়।

অনুষ্ঠানত শলাগৰ শঢ়াই আগবঢ়ায় দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংক বিষয়ৰ শিক্ষক তথা বিশিষ্ট কুইজ মাষ্টাৰ মুকুট চৌধুৰীয়ে।

লগতে পঢ়কঃ থেলাছেমিয়া ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসাৰ বৃহৎ পদক্ষেপ


Advertisement