খোৰণিঃ “সকলোৱে শান্তি শৃংখলা বজাই ৰাখক, প্ৰতিবাদৰ নামত ক্ষতিগ্ৰস্ত কৰা চৰকাৰী সম্পত্তি আপোনালোকৰে সম্পত্তি। আলোচনাৰ মাজেৰে সকলো সমাধান হয়।” কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি সকলো পক্ষকে এই আহ্বান জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে (Karbi Anglong violence DGP Assam)।
কাৰ্বি আংলঙত অনা কাৰ্বি সকল পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা উচ্ছেদৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ ছিংসাত্মক ৰূপৰ পৰিণতিত সোমবাৰে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামোকামৰ বাসগৃহত ভস্মীভূত হোৱাৰ উপৰিও মঙলবাৰে কেইবাখনো বাইক, দোকান পোহাৰ আদিও ভস্মীভূত হয় (Karbi Anglong violence)।
সমান্তৰালকৈ কাৰ্বি আৰু অনা কাৰ্বিৰ মাজতো সংঘাতৰ উপক্ৰম হয়। আৰক্ষীলৈ লৈ কৰি দুয়ো পক্ষই শিলাবর্ষণ কৰাই নহয় ছিলিণ্ডাৰ বিস্ফোৰণ কৰাৰ উপৰিও তীৰ নিক্ষেপ কৰাৰ কথা উল্লেখ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কয়, “কালিৰ পৰা পৰিস্থিতি শান্ত কৰাৰ বাবে আমি দুয়ো পক্ষৰ সৈতে আলোচনা কৰি আছো। পৰিস্থিতি কালি শান্ত হৈছিল যদিও দুয়ো পক্ষৰ আক্ৰমণত আমাৰ ৩৮ গৰাকী আৰক্ষী আহত হৈছে (Assam Police injured)। এগৰাকী আই পি এছ বিষয়াও আঘাতপ্ৰাপ্ত হৈছে। আমি ৰাইজৰ সৈতে মিলি শান্তি বিচাৰো। কালি আমাক কোনো অশান্ত নকৰাৰ আশ্বাস দিয়াৰ পাছত আজি গেছ ছিলিণ্ডাৰ বিস্ফোৰণ কৰাইছে আমাক লক্ষ্য কৰি তিৰ মাৰিছে। এনে কৰিলে কোনো সমাধান নহয়। সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে শান্ত হবলৈ আহ্বান জনাওঁ। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়েও মন্তব্য কৰিছে, তাৰ পাছতো যদি আমাক আক্ৰমণ কৰে তেন্তে আমি ব্যৱস্থা লবই লাগিব। আমাৰ ওপৰত আক্ৰমণ কৰিলে আমি ব্যৱস্থা লবলৈ লাগিব। আক্ৰমণ কৰা সকলোৰে ফটো আমাৰ সৈতে আছে, আমি আইনী ব্যৱস্থা ল’ম। মোৰ ওপৰত যিমান খং আছে কৰক কিন্তু চৰকাৰৰ ক্ষতি নকৰিব (DGP Harmit Singh statement)। ”
উল্লেখযোগ্য যে, নিশাও কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত উত্তেজনা অব্যাহত থকা বুলিও জানিব পৰা গৈছে (Karbi Anglong unrest)।
লগতে পঢ়কঃ এফালে শান্তি সভা আনফালে উত্তেজনা, কৰ্তন ইন্টাৰনেট সেৱা

