পশ্চিম কাৰ্বি আংলংঃ ‘বুধবাৰে খেৰণীত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব’-সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত উত্তপ্ত পৰিস্থিতি সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই x ত উল্লেখ কৰে যে-পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিৰ ওপৰত আমি তীক্ষ্ণভাৱে নজৰ ৰাখি আছোঁ(Karbi Anglong Unrest)। আজিৰ অশান্ত পৰিস্থিতিত দুজন লোকৰ প্ৰাণ হেৰুওৱা ঘটনাটো অতি দুখজনক। শান্তি-শৃংখলা বজাই ৰাখিবলৈ বুধবাৰে খেৰণীত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব। স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আমি সংশ্লিষ্ট সকলোৰে সৈতে নিৰন্তৰ যোগাযোগত আছোঁ। নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ সৈতে থিয় দিব আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব ।
তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে এটিএমৰ দৰে ব্যৱহাৰ কৰি আহিছেঃ লুৰীণজ্যোতি গগৈৰ কটাক্ষঃ
‘কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে এটিএমৰ দৰে ব্যৱহাৰ কৰি আহিছে।’পশ্চিম কাৰ্বি আংলং জিলাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। মংঙলবাৰে সাংবাদিকৰ আগত গগৈয়ে কয় যে-মুখ্যমন্ত্ৰীয়ে তাৰ থলুৱা খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাটো দায়িত্ব হিচাপে গ্ৰহণ কৰা নাই। আমি আহ্বান জনাইছো- বিষয়টো গণতান্ত্ৰিকভাৱে সমাধান হ’ব লাগে(Karbi Anglong violence)। পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি গগৈয়ে কয়, ‘‘আমি দেখিছোঁ যে কাৰ্বি আংলঙৰ ভূমিৰ অধিকাৰৰ বিষয়টো এটা দীৰ্ঘদিনীয়া বিষয়। ভূমিৰ অধিকাৰ আৰু ভূমিৰ সমস্যাক লৈ জনজাতীয় ৰাইজ, খিলঞ্জীয়া জনগণ অতিশয় চিন্তিত। ভূমিৰ অধিকাৰ আনে কাঢ়ি লৈ যোৱাধৰণৰ বিষয়বোৰত সকলোৱে সংবেদনশীল মনেৰে দীৰ্ঘদিনে সংগ্ৰাম কৰি আহিছে। অমি গোটেই বিষয়োটোক লৈ উদ্বিগ্ন (Assam hill district tension)।’’
সভাপতি গগৈয়ে আৰু কয়, ‘‘চৰকাৰে বহুজাতিক কোম্পানী আৰু বৃহৎ পুঁজিপতিক থলুৱা লোকৰ ভূমি প্ৰদান কৰা, ভূমিৰ অধিকাৰ কাঢ়ি লোৱাক লৈ ৰাজ্যৰ ঠাইবিশেষে সংগ্ৰাম অব্যাহত আছে। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাতো ভূমিৰ অধিকাৰ আনে কাঢ়ি নিয়া আৰু ভূমিৰ অধিকাৰ কাৰ্বি থলুৱা ৰাইজে লোকে পাব লাগে বুলি দাবী প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু চৰকাৰে প্ৰতিবাদক গুৰুত্ব নিদিলে। গণতান্ত্ৰিক আন্দোলক মৰ্যাদা নিদিলে। ইয়াৰ পূৰ্বেও ভূমিৰ অধিকাৰ আৰু ভূমিৰ অধিগ্ৰহণক লৈ প্ৰতিবাদ হৈছিল। চৰকাৰে গুৰুত্ব দিয়া নাই। বিপৰীতে থলুৱা জনজাতীয় লোকৰ অধিকাৰৰ বিৰুদ্ধে গৈ বিষয়টোক লৈ সাম্প্ৰদায়িক অস্ত্ৰ হিচাপে লৈ চৰকাৰে কামকাজ কৰিছে। সেয়ে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণে জগৰীয়া চৰকাৰ। কাৰ্বি আংলংখনক বিজেপি আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বঞ্চনা কৰি আহিছে (Karbi Anglong news)৷
তেওঁ হিংসা, উত্তেজনা আক্ৰমণ, প্ৰত্যাক্ৰমণে সমস্যাৰ সমাধান নকৰে বুলি মন্তব্য কৰি সকলোকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে ৷ তেওঁ কয়-‘চৰকাৰে জনজাতীয় ৰাইজৰ আৱেগ আৰু দুখ বুজক। তাৎক্ষণিকভাৱে আমি খেৰণিৰ বিষয়টো সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ। গৃহ বিভাগৰ চোৰাংচোৱাৰ ব্যৰ্থতাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে৷ এই দায়িত্ব চৰকাৰে ল’বই লাগিব (Assam unrest today)৷’’
লগতে পঢ়কঃ কাৰ্বি আংলঙত দুই পক্ষৰ আক্ৰমণত আহত ৩৮ গৰাকী আৰক্ষী: মন্তব্য DGP ৰ

