PM Modi Christmas Church Visit: পৱিত্ৰ বৰদিন উপলক্ষে দিল্লীৰ গীৰ্জাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰাৰ্থনা, দেশজুৰি বৰদিন উদযাপন

নিউজ ডেস্ক: পৱিত্ৰ বৰদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি আজি, বৃহস্পতিবাৰে (২৫ ডিচেম্বৰ ২০২৫), বৰদিন আনন্দ-উলাহেৰে উদযাপন কৰা হৈছে। দেশজুৰি গীৰ্জা ঘৰসমূহ বিভিন্ন ৰঙৰ লাইট, খ্ৰীষ্টমাছ ট্ৰী, ষ্টাৰ আদিৰে সজাই তোলা হৈছে। বৰদিন উপলক্ষে খ্ৰীষ্টান সমাজলৈ শুভেচ্ছা আৰু সম্মান জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ Cathedral Church of the Redemptionত বৰদিনৰ বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে (PM Modi Christmas Church Visit)।

প্ৰাৰ্থনাত অংশ লোৱাৰ মুহূৰ্তৰ ফটো সামাজিক মাধ্যম X-ত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰাৰ্থনাই “ভালপোৱা, শান্তি আৰু সহানুভূতিৰ চিৰন্তন বাৰ্তা” বহন কৰে। তেওঁ লগতে লিখে— সমাজত সৌহাৰ্দ্য আৰু সদ্ভাৱ গঢ়ি তোলাত বৰদিনৰ আত্মাই সকলোকে প্ৰেৰণা যোগাওক।

খ্ৰীষ্টান সমাজৰ সৈতে প্ৰধানমন্ত্ৰীৰ এই সংযোগ এনে সময়ত দেখিবলৈ পোৱা গৈছে, যিসময়ত Catholic Bishops’ Conference of India (CBCI)ৰ সভাপতি আৰ্চবিশ্বপ এণ্ড্ৰুজ থাঝাথে ভাৰতত খ্ৰীষ্টান সমাজৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক কঠোৰভাৱে আইন প্ৰয়োগ আৰু খ্ৰীষ্টান সমাজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়।(Modi Church Visit)

যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে ২৫ ডিচেম্বৰত পৱিত্ৰ বৰদিন পালন কৰা হয়। এই দিনটোক আশা, শান্তি, ক্ষমা আৰু ভালপোৱাৰ প্ৰতীক হিচাপে গন্য কৰা হয়। যদিও ই মূলতঃ খ্ৰীষ্টান ধৰ্মীয় উৎসৱ, তথাপিও ইয়াৰ সাৰ্বজনীন বাৰ্তাই সকলো ধৰ্ম আৰু সংস্কৃতিৰ মানুহক একত্ৰিত কৰি আহিছে।

ইফালে, দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই যীশু খ্ৰীষ্টে দেখুওৱা পথ অনুসৰণ কৰি দয়া, সমতা আৰু সৌহাৰ্দ্যৰে ভৰা এখন সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়।(President Murmu Christmas Message)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক পৃথক বাৰ্তাত কয়— যীশু খ্ৰীষ্টৰ শিক্ষাই সমাজত একতা আৰু সম্প্ৰীতি শক্তিশালী কৰক। (Delhi Cathedral Christmas)

দেশৰ বিভিন্ন ৰাজ্যত বজাৰসমূহ চান্তা ক্লজৰ মূৰ্তি, ষ্টাৰ, ঘণ্টা, খ্ৰীষ্টমাছ ট্ৰী আৰু ভিন্নৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে। চিমলা, ৰাঁচী, মুম্বাই, বেংগালুৰু, ধৰ্মশালা, শ্ৰীনগৰ আৰু জম্মু আদি স্থানৰ গীৰ্জাসমূহত বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় (Christmas Celebration India)।

ধৰ্মশালাৰ St. John in the Wilderness Churchত প্ৰাৰ্থনা আগবঢ়াই পাদ্ৰী ভিক্টৰ খোজিয়ে কয়— মমবাতি জ্বলোৱাৰ অৰ্থ হৈছে যীশু এই পৃথিৱীৰ পোহৰ।
(Christmas 2025 India)

মুম্বাইত পাদ্ৰী কেলিষ্টাছ ফাৰ্ণাণ্ডেছে কয় যে খ্ৰীষ্টধৰ্মে কেতিয়াও কাকো জোৰ-জবৰদস্তি কৰি ধৰ্মান্তৰীত নকৰে । বৰদিনে সকলোকে আনন্দ আৰু ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰায়।

বৰ্তমান সময়ত বৰদিন কেৱল ধৰ্মীয় উৎসৱেই নহয়; ই এক সামাজিক আৰু সাংস্কৃতিক উৎসৱ হিচাপে ভালপোৱা, শান্তি, দানশীলতা আৰু একতাৰ বাৰ্তা বহন কৰিছে। এই মূল্যবোধৰ এক সুন্দৰ দৃষ্টান্ত বৰদিনৰ জড়িয়তে দেশবাসীৰ সন্মুখত প্ৰতিফলিত হৈছে।

লগতে পঢ়ক: Christmas Unknown Facts : বৰদিনৰ অজানা কথা…


Advertisement