নিউজ ডেস্কঃ আজি (বৃহস্পতিবাৰ,২৫ ডিচেম্বৰ/২০২৫) বৰদিন। বিশ্বৰ বিভিন্ন প্ৰান্তত বৰদিন উলহ মালহৰে উদযাপন কৰা হৈছে (Christmas 2025 in India)। বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাই বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু আনকি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত হিমন্ত বিশ্ব শৰ্মাইও বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।
কিন্তু ৰাষ্ট্ৰনেতাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে। বুধবাৰে অসমৰ নলবাৰীৰ পানীগাঁও ছেন্ট মেৰিজ বিদ্যালয়ত বজৰং দল আৰু বিশ্বহিন্দু পৰিষদে অভিযান চলাই বৰদিনৰ প্ৰস্তুতিৰ বাবে ৰখা সামগ্ৰী দাহ কৰে(Bajrang Dal Christmas protest) । তদুপৰি দলটোৰ সদস্য জয় শ্ৰীৰাম ধ্বনি দি সকলে বৰদিন অনুষ্ঠিত নকৰিবলৈ সকিয়নী দিয়ে(VHP opposition to Christmas) । উল্লেখযোগ্য যে ১৯৯৭ চনত গুজৰাটৰ আদিবাসী অঞ্চল ডাঙত প্ৰথমবাৰৰ বাবে বিশ্বহিন্দু পৰিষদ, বজৰং দল আৰু হিন্দু জাগৰণ মঞ্চই খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিন উদযাপন কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল । তেওঁলোকে সেই সময়ত গীৰ্জা আৰু খ্ৰীষ্টান বিদ্যালয়ত উপদ্ৰৱো চলাইছিল(Attacks on Christians in India)।
শেতীয়াকৈ যোৱা ১৩ ডিচেম্বৰত বিশ্ব হিন্দু পৰিষদৰ ইন্দ্ৰপ্ৰস্থ প্ৰদেশ মন্ত্ৰী সুৰেন্দ্ৰ গুপ্তাই এখন পত্ৰত উল্লেখ কৰে যে বৰ্তমান সময়ত হিন্দু সমাজে আত্মসংযম আৰু মৰ্যাদাৰে ধৰ্মীয় আচাৰ-অনুশীলনত লিপ্ত হ’ব লাগে । পত্ৰখনত দাবী কৰা হৈছে যে বহুদিন ধৰি দেশৰ বিভিন্ন অংশত ‘সংগঠিত ধৰ্মান্তৰণৰ প্ৰচেষ্টা’ চলি আহিছে আৰু অন্য ধৰ্মৰ উৎসৱত অংশগ্ৰহণ কৰিলে সেই ধৰ্মসমূহ সামাজিকভাৱে গ্ৰহণযোগ্য হৈ উঠাৰ সম্ভাৱনা থাকে।
ইপিনে কেৰেলাৰ পালাক্কাড জিলাৰ পুড্ডুচেৰী গাঁৱত ঘৰে-ঘৰে গৈ খ্ৰীষ্টমাছ কেৰ’ল গীত গোৱা শিশুৰ এটা দলে আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছিল । যিজন লোক আৰ এচ এচ (R S S)ৰ লগত সম্পৰ্ক থকা বুলি প্ৰচাৰ হৈছে । একেদৰে ছত্তীশগড়ত যোৱা, ডিচেম্বৰ ২৪ত সৰ্ব সমাজ নামৰ এটা দক্ষিণপন্থী সংগঠনে সমগ্ৰ ৰাজ্যজুৰি বন্ধৰ আহ্বান জনাইছিল। সংগঠনটোৱে অভিযোগ তোলে যে ৰাজ্যখনত “বাধ্যতামূলক ধৰ্মান্তৰ” ঘটিছে।
এই বছৰ ছত্তীশগড়ত খ্ৰীষ্টান সমাজৰ বিৰুদ্ধে একাধিক হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । ডিচেম্বৰ ১৫ তাৰিখে ছত্তীশগড়ত এটা দলে এগৰাকী আদিবাসী খ্ৰীষ্টান লোকৰ মৃতদেহ তেওঁৰ পৰিয়ালৰ নিজা কৃষিভূমিত দাফন কৰাক লৈ উত্তেজনা সৃষ্টি কৰে(Religious intolerance in India) । দলটোৱে দাবী কৰে যে উক্ত ভূমি এজন স্থানীয় দেৱতাৰ অধীনত পৰে । আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে সোমবাৰে দিল্লীৰ লাজপত নগৰ অঞ্চলৰ বুলি কোৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত সান্টা ক্লজৰ টুপী পিন্ধি থকা মহিলা আৰু শিশুসকলক কিছুমান লোকে ধমক দিয়া দেখা গৈছে। পিছলৈ আৰক্ষীয়ে পিটিআই ( PTI)ক জনোৱা মতে, এই ঘটনাটো এটা “সামান্য আৰু ক্ষণস্থায়ী মৌখিক বাক-বিতণ্ডা”হে আছিল আৰু ই আইন-শৃংখলা সমস্যালৈ ৰূপ লোৱা নাছিল।
এনেধৰণৰ ঘটনা সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰি সংযুক্ত খ্ৰীষ্টান ফৰাম চমুকৈ ইউ চি এফ (United Christian Forum) ৰ আহ্বায়ক এ চি মাইকেল (A C Michael) য়ে ইউনিয়ন অৱ কেথলিক এচিয়ান নিউজক Union of catholic Asian News)ক দিয়া এটা সাক্ষাৎকাৰত উল্লেখ কৰামতে তেওঁলোকে, খ্ৰীষ্টানৰ ওপৰত হিংসা বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগলৈ বাৰে বাৰে আবেদন জনাইছে। বৰ্তমানলৈকে চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই। তদুপৰি মঙলবাৰে ভাৰতৰ কেথলিক বিশপসকলৰ সন্মিলনে (Catholic Bishops’ Conference of India) খ্ৰীষ্টমাছৰ আগমুহূৰ্তত খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণৰ ঘটনা “আতংকজনকভাৱে বৃদ্ধি” পোৱাত উদ্বেগ প্ৰকাশ কৰে।
অন্যহাতেদি কট্টৰপন্থী হিন্দু সংগঠনে খ্ৰীষ্টমাছ অনুষ্ঠিত কৰাত এনেধৰণৰে বাধা আৰোপ কৰাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে X ত বৰদিনে নতুন আশা, দয়া কঢ়িয়াই আনক বুলি শুভেচ্ছা জ্ঞাপন কৰিছে। আনকি তেওঁ Cathedral Church of the Redemption ত বৰদিন উপলক্ষে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰা এটা ভিডিঅও আপলোড কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
একেদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও সংবাদ পত্ৰৰ প্ৰথম পৃষ্ঠাতে জনসংযোগৰ জৰিয়তে এক বিজ্ঞাপন দি বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ উল্লেখ কৰিছে এনেধৰণৰে ‘অসমবাসীলৈ পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো। যিশুখ্ৰীষ্টৰ আশীৰ্বাদে সমাজৰ পৰা অপশক্তি নাশ কৰি শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰক।’
দেশৰ প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ পিচত কট্টৰপন্থী হিন্দু সংগঠনৰ সদস্য সকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষ্যণীয় হ’ব।

