Women Entrepreneur Lovely Barua Represents Tripura at Chiang Mai Design Week 2025Women entrepreneur Lovely Barua: Chiang Mai Design Week 2025ত ত্ৰিপুৰাক প্ৰতিনিধিত্ব লাভলী বৰুৱাৰ

আগৰতলা: হস্তশিল্পৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হৈছে অসমৰ এগৰাকী মহিলা । তেওঁৰ নাম লাভলী বৰুৱা । জন্মসূত্ৰে অসমৰ আৰু কৰ্ম আৰু বিবাহসূত্ৰে বৰ্তমান ত্ৰিপুৰাৰ বাসিন্দা লাভলী বৰুৱাই ফিট বাৰ্ড (FitBird) নামৰ এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি হস্তশিল্পৰে গ্ৰামীণ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চেষ্টা কৰি আহিছে(Lovely Barua FitBird) । বৰুৱাই অলপতে থাইলেণ্ডত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠিত Chiang Mai Design Week 2025ত ত্ৰিপুৰা ৰাজ্যক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে(Women entrepreneur Lovely Barua) । উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিল্পী আৰু উদ্যোগপতিসকলৰ সৈতে গঠিত এটা প্ৰতিনিধি দলৰ অংশ হিচাপে তেওঁ এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে (Women entrepreneur from Northeast India)।

থাইলেণ্ডৰ Creative Economy Agencyৰ সহায়ত অনুষ্ঠিত Chiang Mai Design Week হৈছিল দেশখনৰ প্ৰথম আৰু আটাইতকৈ বৃহৎ ডিজাইন-কেন্দ্ৰিক উৎসৱ । যাক সৃষ্টিশীলতা, হস্তশিল্প আৰু উদ্ভাৱনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰিসৰত বিশেষ স্বীকৃতি দিয়া হয় । উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত বয়ন, বাঁহ-বেতৰ শিল্প, এৰি ৰেশম, প্ৰাকৃতিক ৰং ব্যৱহৃত সামগ্ৰী, হস্ততাঁতভিত্তিক লাইফষ্টাইল সামগ্ৰী, অলংকাৰ আদি বিশ্বমঞ্চত প্ৰচাৰ কৰিবলৈ ভাৰত চৰকাৰে এই অংশগ্ৰহণ সহজ কৰি তুলিছে।

এইবছৰ ৬ ডিচেম্বৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ পৰা মুঠ ১৪ গৰাকী উদ্যোগপতি আৰু ১৬টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে Fit Bird প্ৰতিষ্ঠাতা লাভলী বৰুৱাই ২০১৪ চনত বিবাহসূত্ৰে গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ আহিছিল । তেওঁ বাঁহ মিচনৰ লগতো কাম কৰে । তেওঁ Fit Bird নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠানটোৰ জৰিয়তে গ্ৰামীণ শিল্পী সকলৰ সহায়ত তেওঁ পৰম্পৰাগত সাজ পোচাক, গহনা, হাতত লোৱা বেগ, ঘৰ সজোৱাৰ বিভিন্ন সামগ্ৰী, ৰান্ধনী ঘৰৰ সামগ্ৰী, লেপটপ বেগ আদি সামগ্ৰী প্ৰস্তুত কৰে । বৰ্তমান ত্ৰিপুৰাৰ ১৫ খনতকৈও অধিক গাঁৱত লাভলী বৰুৱাৰ Fit Bird ৰ শাখা আছে । য’ত ৩০০ ৰো অধিক ব্যক্তি জড়িত । ২০২০ চনত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা Her and Now প্ৰকল্পত অংশগ্ৰহণ কৰে । এই প্ৰকল্প হৈছে এক নাৰী উদ্যোক্তামূলক কৰ্মসূচী । এই প্ৰকল্পটোক জাৰ্মানীৰ Deutsche Gesellschaft fur International Zusammenarbeit (GIZ) GmbH ৰ দ্বাৰা বাস্তৱ ৰূপ দিয়া হৈছে । ভাৰত চৰকাৰৰ দক্ষতা উন্নয়ন মন্ত্ৰনালয় ইয়াৰ তদাৰকৰ দায়িত্বত আছে । ৬ ডিচেম্বৰ পৰা ১৪ ডিচেম্বৰলৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাঁহৰ স্মাৰক সামগ্ৰী, পৰম্পৰাগত হস্ততাঁত সামগ্ৰী আৰু পৰিৱেশ-বন্ধু লাইফষ্টাইল হস্তশিল্প প্ৰদৰ্শন কৰিছিল (bamboo handicrafts women entrepreneur)। তেওঁৰ এই অংশগ্ৰহণৰ লক্ষ্য হৈছে ত্ৰিপুৰাৰ স্বকীয় হস্তশিল্পক বিশ্বৰ আগত তুলি ধৰা আৰু স্থানীয় শিল্পীসকলৰ বাবে বিশ্বৰ বজাৰৰ সৈতে সংযোগ বৃদ্ধি কৰা(Tripura handicrafts global platform) ।

২০১৩-২০১৪ চনৰ পৰা ত্ৰিপুৰাক নিজৰ ঘৰ হিচাপে বাছি লোৱা এগৰাকী অসমীয়া ডিজাইনৰূপে লাভলী বৰুৱাই হিন্দুস্তান ইউনিলিভাৰত কৰ্মৰত কৰ্পৰেট জীৱন এৰি FitBird প্ৰতিষ্ঠা কৰিছিল । ত্ৰিপুৰাৰ বিশেষকৈ মহিলা শিল্পীসকলৰ জীৱনশৈলী উন্নীত কৰাই তেওঁৰ উদ্যোগৰ মূল লক্ষ্য। শিল্পীসকলৰ উন্নতি, সাংস্কৃতিক হস্তশিল্প সংৰক্ষণ, টেকসই উন্নয়ন আৰু মহিলাৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তেওঁ বাঁহ, বেত, পাট, খেৰ আদি স্থানীয় আৰু প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি আধুনিক ডিজাইনৰ সৈতে এক অভিনৱ মডেল গঢ়ি তুলিছে ।

FitBirdৰ আগৰতলাৰ শকুন্তলা ৰোডত অৱস্থিত এক বিশেষ উৎপাদন ইউনিট আছে, য’ত লাভলী বৰুৱাই প্ৰশিক্ষণ দিয়া ৭ গৰাকী শিল্পীয়ে ত্ৰিপুৰাৰ বিভিন্ন জিলাৰ পৰা সংগৃহীত সামগ্ৰীসমূহৰ চূড়ান্ত প্ৰস্তুতি আৰু গুণগত মানদণ্ড পৰীক্ষা কৰে । এই উদ্যোগে কেঁচা সামগ্ৰী পোনপটীয়াকৈ গাঁৱৰ পৰা সংগ্ৰহ কৰে, যাৰ ফলত শিল্পীসকলে ন্যায্য মূল্য লাভ কৰাৰ লগতে পৰম্পৰাগত কাৰুকাৰ্য সংৰক্ষিত হৈ থাকে।

FitBirdৰ সামগ্ৰীসমূহত ত্ৰিপুৰাৰ সাংস্কৃতিক পৰিচয় প্ৰতিফলিত কৰা বেগ, ঘৰৰ সজ্জা সামগ্ৰী, স্মাৰক আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী অন্তৰ্ভুক্ত । ভৌতিক বিক্ৰী কেন্দ্ৰৰ উপৰিও FitBirdএ Amazon, Meesho আৰু Flipkartকে ধৰি বিভিন্ন অনলাইন প্লেটফৰ্মৰ জৰিয়তে নিজৰ সামগ্ৰী বিপণন কৰে। একে সময়তে, উৎপাদনৰ গুণগত একৰূপতা আৰু সময়মতে সামগ্ৰী যোগানৰ সমস্যাৰ সমাধানৰ বাবে লাভলী বৰুৱাই জিলা-ভিত্তিক ক্লাষ্টাৰ উৎপাদন ইউনিট স্থাপনৰ দিশে কাম কৰি আছে । উত্তৰ ভাৰতত বজাৰ বিস্তাৰৰ লক্ষ্যৰে নইদাত এটা বিতৰণ কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে ।

Chiang Mai Design Weekত অংশগ্ৰহণৰ পূৰ্বে লাভলী বৰুৱাই ত্ৰিপুৰাৰ হস্তশিল্পক বহু প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰিছিল । ইয়াৰ ভিতৰত আছে— ৰাষ্ট্ৰপতি নিলয়ম, হায়দৰাবাদ; HGH মুম্বাই আৰু বেংগালুৰু; অষ্ট লক্ষ্মী, দিল্লী; আৰু হস্ততাঁত আৰু বাঁহ-বেত শিল্প প্ৰচাৰৰ উদ্দেশ্যে অনুষ্ঠিত বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী ।

২০০৮ চনত আৰম্ভ হোৱা আৰু ২০১৮ চনত ত্ৰিপুৰাত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা FitBird বৰ্তমান ৮/১ খোষ বাগান, সূৰ্য চৌমুহনি, আগৰতলাত অৱস্থিত । Chiang Mai Design Weekত উত্তৰ-পূব ভাৰতৰ অংশগ্ৰহণে সাংস্কৃতিক কূটনীতি, আন্তঃৰাষ্ট্ৰীয় পৰিসৰ বৃদ্ধি আৰু শিল্পীসকলৰ বাবে বৈশ্বিক বজাৰৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বক প্ৰতিফলিত কৰে ।

এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত লাভলী বৰুৱাৰ উপস্থিতিয়ে ত্ৰিপুৰাৰ হস্তনিৰ্মিত ঐতিহ্যক বিশ্বদৰ্শকৰ সন্মুখত তুলি ধৰাৰ লগতে অঞ্চলটোৰ সৃষ্টিশীল সম্ভাৱনাকো উজ্জ্বল কৰি তুলিছে । FitBirdৰ জৰিয়তে তেওঁৰ কামে গ্ৰাম্য শিল্পীসকলক অনুপ্ৰাণিত কৰি আহিছে ।

লগতে পঢ়ক: গুৱাহাটী মহানগৰীত নাৰী সুৰক্ষাৰ নতুন ব্যৱস্থা: এটা বুটাম টিপিলেই আৰক্ষী হাজিৰ-Women Safety Button


Advertisement