Nalbari Christmas Protest Case: Four VHP and Bajrang Dal Leaders Detained by Assam PoliceNalbari Christmas Protest: নলবাৰী কাণ্ডৰ চাৰি অভিযুক্তক আটক

নলবাৰীঃ অৱশেষত অসম আৰক্ষীৰ জালত পৰিল নলবাৰী কাণ্ডৰ লগত জড়িত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতা । উল্লেখযোগ্য যে বৰদিনৰ প্ৰাকক্ষণত বুধবাৰে নলবাৰীৰ পানীগাঁও ছেন্ট মেৰিজ বিদ্যালয়ত বজৰং দল আৰু বিশ্বহিন্দু পৰিষদে অভিযান চলাই বৰদিনৰ প্ৰস্তুতিৰ বাবে ৰখা সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে দাহ কৰিছিল (Bajrang Dal Christmas protest) । তাৰোপৰি নলবাৰী চহৰৰ বিভিন্ন ব্যসায়ীক প্ৰতিষ্ঠানত বিক্ৰীৰ বাবে ৰখা বৰদিনৰ সামগ্ৰীসমূহো ৰাজপথলৈ আমি জ্বলাই দিছিল(Nalbari Christmas Protest) ।

তদুপৰি দলটোৰ সদস্য সকলে জয় শ্ৰীৰাম ধ্বনি দি বৰদিন অনুষ্ঠিত নকৰিবলৈ সকিয়নী দিছিল । এই ঘটনাই সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল (Nalbari St Mary’s School incident)। আনকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো এই সম্পৰ্কত বাতৰি প্ৰকাশ পাইছিল(Christmas vandalism Assam) । এনেদৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ ফলত নলবাৰীৰ বেলশৰ আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত থকাৰ অভিযোগত বিশ্ব হিন্দু পৰিষদৰ চাৰিজন নেতাক অৱশেষত বেলশৰ আৰক্ষীয়ে আটক কৰে(VHP Nalbari case) ৷

আটকাধীন নেতা কেইজন হৈছে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ সভাপতি মানস পাটগিৰি, সহঃ সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমনি তালুকদাৰ। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 329(3 ),326(f),189(2),352 (2),324(3) আৰু61(2) ৰ অধীনত গোচৰ ৰুজু হৈছে ।


Advertisement