গুৱাহাটী: অসমৰ পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰনি অঞ্চলত Village Grazing Reserve (VGR) আৰু Professional Grazing Reserve (PGR) ভূমিত অবৈধ বেদখলৰ অভিযোগক লৈ কাৰ্বি জনগোষ্ঠীৰ সৈতে দীৰ্ঘদিনীয়া সংঘাত চলি আহিছিল। এই অভিযোগ মূলতঃ বিহাৰী আৰু অন্যান্য হিন্দীভাষী সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে উত্থাপিত হৈছিল। প্ৰতিবাদকাৰীসকলে ডিচেম্বৰ ৬ তাৰিখৰ পৰা অনশন ধৰ্মঘট আৰম্ভ কৰিছিল, যাৰ ফলত অঞ্চলটোত উত্তেজনাপূৰ্ণ এক পৰিৱেশ বিৰাজ কৰিছিল (Karbi Anglong Tripartite Meeting)।
ঘটনাৰ সূত্ৰপাত:
অনশনকাৰী কেইজনমান অসুস্থ হোৱাৰ পিছত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰা বুলি এক ভুল তথ্য বিয়পি পৰাৰ ফলত ২২ আৰু ২৩ ডিচেম্বৰত উত্তপ্ত হৈ থাকে পাহাৰীয়া জিলা কাৰ্বি আংলং (Karbi Anglong unrest)।
প্ৰতিবাদকাৰীসকলে কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ (KAAC) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামোকাৰ বাসগৃহৰ লগতে কেইবাটাও দোকান জ্বলাই দিয়ে (West Karbi Anglong violence)। পুলিচৰ সৈতে হোৱা সংঘৰ্ষত দুজন কাৰ্বি যুৱকৰ মৃত্যু হয়। ঘটনাত অসম আৰক্ষীৰ ৩৮ গৰাকীকৈ লোক আহত হোৱাৰ উপৰিও কেইবাগৰাকী লোক আহত হয় (Karbi Anglong unrest)।
ঘটনাক লৈ কাৰ্বি আংলঙত চেপা উত্তেজনা অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে কাৰ্বি স্বায়ত্ব পৰিষদ, সংগঠন আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ত্ৰিপাক্ষিক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰে (Karbi Anglong Tripartite Meeting)।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰা অনুসৰি…
নিহতৰ পৰিয়ালক সহায় — নিহতৰ পৰিয়ালৰ এজন সদস্যক পৰিষদৰ তৰফৰ পৰা এটা চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। লগতে ৰাজ্য চৰকাৰে ১০ লাখ টকা ক্ষতিপূৰণ হিচাপে দিব।
ট্ৰেড লাইচেঞ্চ বাতিল — VGR আৰু PGR ভূমিত থকা সকলো ট্ৰেড লাইচেঞ্চ বাতিল কৰা হ’ব। ভৱিষ্যতে এনে ভূমিত কোনেও ট্ৰেড লাইচেঞ্চ লাভ নকৰিব পাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বেদখলকৃত ভূমিৰ উচ্ছেদ — VGR আৰু PGRৰ উপৰিও অন্যান্য বিভাগৰ বৃহৎ ভূমি বেদখল হৈ আছে। সেই ভূমিও ভূমিও উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
পৰৱৰ্তী আলোচনা — অহা ১৭ জানুৱাৰীত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হ’ব। বৈঠকৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এটা সুবিচাৰ পোৱাৰ আশা ব্যক্ত কৰা হৈছে। চৰকাৰে ন্যায়ালয়ত শীঘ্ৰে ৰায়দানৰ বাবে আবেদন কৰিব।
অন্যান্য অঞ্চল বেদখল- খেৰনিত স্থগিতাদেশ থকাৰ বাবে উচ্ছেদ স্থগিত ৰখা হৈছে, কিন্তু বকলীয়া অঞ্চলৰ জলসিঞ্চলনৰ ভূমিত উচ্ছেদ চলোৱা হ’ব।
মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ বাবে সকলোৰে সহযোগিতা বিচাৰিছে। এই সিদ্ধান্তসমূহৰ জৰিয়তে চৰকাৰে পৰিস্থিতি শান্ত কৰাৰ লগতে কাৰ্বি জনগোষ্ঠীৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে।
লগতে পঢ়কঃ কাৰ্বি আংলঙত দুই পক্ষৰ আক্ৰমণত আহত ৩৮ গৰাকী আৰক্ষী: মন্তব্য DGP ৰ

