Assamese Play Akumari Kunti: পুহৰ সন্ধিয়াত 'পাঞ্চজন্য'ৰ পোহৰ ...

এণ্টাৰটেইনমেণ্ট ডেস্ক: মহাকাব্য মহাভাৰতৰ এক অন্যতম উল্লেখযোগ্য আৰু মৰ্যাদাপূৰ্ণ নাৰী চৰিত্ৰ হৈছে কুন্তী । যাক আভ্যন্তৰীণ শক্তি, সহনশীলতা আৰু নৈতিক সাহসৰ মূৰ্ত প্ৰতীক বুলিও অভিহিত কৰা হয় । মহাভাৰতৰ অত্যন্ত জটিল আৰু মৰ্মস্পৰ্শী এই চৰিত্ৰটোক লৈ নগাঁৱৰ প্ৰাক্তন আৰক্ষী বিষয়া তথা বৰ্ষীয়ান ৰাজহুৱা কৰ্মী সোনাৰাম বৰাই লিখি উলিয়ালে তেওঁৰ নৱতম পূৰ্ণাংগ নাট ‘অকুমাৰী কুন্তী’ (Assamese Play Akumari Kunti)। যি নাট্যৰচনাই প্ৰকাশ লভিলে ২২ ডিচেম্বৰ(৬ পুহ)ৰ সন্ধিয়া নগাঁও জিলা পুথিভঁৰালত ।

পাঞ্চজন্য নাট্যগোষ্ঠীয়ে(Panchjanya Natya Goshthi) নিবেদন কৰা আৰু নাট্যশিল্পী ৰাজেন ফুকনে পৰিচালনা কৰা এই নাটখনত কুন্তীৰ শোকৰ বিস্ফোৰণৰ উপৰিও এই গুৰুত্বপূৰ্ণ চৰিত্ৰটোৰ সহনশীলতা আৰু নৈতিক দৰ্শনক প্ৰাধান্য দিয়া হৈছে । প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ সামূহিকতাবাদ আৰু পৰম্পৰাৰ এক উজ্বল ৰেঙনিৰে আগুৱাই লৈ যোৱা হৈছে নাটকখনৰ কাহিনী (Mahabharata Kunti Character) ।

মঞ্চায়নৰ ক্ষেত্ৰতো কুন্তীৰ কৰ্ম নিপুনতা আৰু প্ৰাৰ্থনা হৈ পৰিছে বৃহৎ শক্তি । দেৱীস্মিতা বৰা নামৰ নতুন মুখৰ কিশোৰী গৰাকীয়ে কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়নত যথেষ্ট সক্ষমতা অৰ্জন কৰাৰ বিপৰীতে সামগ্ৰিক মঞ্চায়নৰ ক্ষেত্ৰত কিছু আসোঁৱাহ ৰৈ গৈছে । নিপোটল কাহিনী যদিও দীঘলীয়া বিন্যাস, মঞ্চসজ্জাত অত্যধিক সময়, দুই-এক শিল্পীৰ শাৰীৰিক জঠৰতা, সংলাপ নিক্ষেপনত উজুতি, শব্দ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিজুতিয়ে নাটকৰ গতি কিছু স্তিমিত কৰি তুলিছিল যদিও আন একাংশ শিল্পীৰ অভিনয়ৰ দক্ষতাই সমতা স্থাপন কৰিলে মঞ্চখনিৰ(Assamese Theatre Review) ।

জয়শ্ৰী বৰা আৰু শ্যামলীমা বৰাৰ সাজসজ্জা, গুণকান্ত দাসৰ সংগীত, প্ৰকাশ বৰাৰ ৰূপসজ্জাৰে সমৃদ্ধ নাটখনৰ সহযোগী পৰিচালকৰ ভূমিকাত আছিল অধ্যাপক ড৹ দ্বীজেন শৰ্মা । চৰিত্ৰত তেওঁ আছিল তপোবলী ঋষি দুৰ্বাসা । পৰিচালক ৰাজেন ফুকনে নিজেই পোহৰ নিক্ষেপন কৰা নাটখনৰ অন্যান্য অভিনয় শিল্পীসকল হৈছে চিৰঞ্জীৱ বাৎস্য, লক্ষীপ্ৰভা শ‌ইকীয়া, প্ৰকাশ শ‌ইকীয়া, কৃষ্টিকানন কলিতা, সুপ্ৰিয়া শৰ্মা, মনস্বিতা গগৈ, কুণ্ডল কুমাৰ বৰা, নৱজ্যোতি গোস্বামী, গুণগুণ পুমা আৰু ভাশ্ৰিতা কাশ্যপ বৰা (Nagaon Drama Performance)।

কুন্তীৰ অভিকৰ্ষণ মন্ত্ৰ আহৰণ আছিল নাটৰ মূল আকৰ্ষণ । ঋষিপ্ৰদত্ত এই মন্ত্ৰৰ সম্পৰীক্ষা আৰু অকুমাৰী কুন্তীৰ মাতৃত্বৰ স্বাক্ষৰ নদীত বিসৰ্জনৰ জৰিয়তে ইতিৰেখা টনা হৈছে কাহিনীৰ । ১০৫ মিনিটৰ নাটখন পৰৱৰ্তী মঞ্চায়নৰ ক্ষেত্ৰত ৯০ মিনিটলৈ হ্ৰাস কৰি আসোঁৱাহসমূহ দূৰ কৰি ল’লে এখন উপভোগ্য ৰচনা হৈ পৰিব ‘অকুমাৰী কুন্তী’ । মুঠ ১২ টাকৈ চৰিত্ৰসম্পন্ন এই নাটখন হৈছে কষ্টসহিষ্ণু নাৰীৰ এক বিষাদগাথা । য’ত মূহুৰ্তে মূহুৰ্তে সোঁৱৰাই দিয়া হৈছে আধুনিকতা আৰু যুক্তিবাদক প্ৰাধান্য দি সমাজ সংস্কাৰ কৰাৰ কথা ।

মঞ্চস্থ হোৱা পূৰ্ণাংগ নাটখনিৰ Reviewটো লিখিছে জ্যোতিপ্ৰসাদ বৰাই ।

লগতে পঢ়ক: ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত Zubeen Garg Statue : হৃদয়ত জীয়াই আছে প্ৰাণৰ শিল্পী


Advertisement