গুৱাহাটী: কেবাটাও কাৰ্য্যসূচী হাতত লৈ আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah Guwahati Visit)। সোমবাৰে নগাঁৱৰ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প(Batadrava Cultural Project) উদ্বোধন কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব গুৱাহাটীৰ মাজমজিয়াত নিৰ্মিত কলামন্দিৰ খ্যাত এটা প্ৰেক্ষাগৃহ। সোমবাৰৰ কাৰ্যসূচীৰ বাবে দেওবাৰে সন্ধিয়াই গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah Assam Tour)।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে দেওবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অসম চৰকাৰে নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ সামাজিক মাধ্যমৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কৰি দেখুৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
পুৱাই গুৱাহাটীত নিৰ্মাণ কৰা কলামন্দিৰ খ্যাত প্ৰেক্ষাগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে দিলে প্ৰেক্ষাগৃহৰ বিৱৰণ –
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই গুৱাহাটীৰ মাজমজিয়াত ৫ হাজাৰ আসনযুক্ত সুন্দৰ কলা মন্দিৰ( প্ৰেক্ষাগৃহ ) নিৰ্মাণ কৰা হৈছে।
সোমবাৰে চাৰি বজাত গুৱাহাটীৰ এই প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। চাৰি শ ৫০ খন বাহন ৰাখিব পৰা চাৰি খলপীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে প্ৰেক্ষাগৃহ চৌহদত। আছে মিউজিকেল ফাউণ্টাইন, য’ত অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশিত হ’ব (Assam Cultural Infrastructure)।
চৌহদত থাকিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি। প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰাৰ পূৰ্বে বাহিৰত প্ৰত্যক্ষ কৰিব ভিডিঅ স্ক্ৰীন। প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে প্ৰতীকী এশিঙীয়া গঁড় দেখা পাব।
ৰিচিপশ্যনত আপুৰুগীয়া বাদ্য যন্ত্ৰ সংৰক্ষণ কৰা থাকিব। লগতে থাকিব অত্যাধুনিক ব্যৱস্থা। মন গলেই আপুনি শুনিব পাৰিব নিজ পছন্দৰ বাদ্যযন্ত্ৰৰ শব্দ।
এই অত্যাধুনিক প্ৰেক্ষাগৃহ কাইলৈ অৰ্থাৎ সোমবাৰে উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
লগতে পঢ়ক: Batadrava Cultural Project: আবিৰ্ভাৱ ক্ষেত্ৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত ন ৰূপত উজলিব বটদ্ৰৱা

