Batadrava Cultural ProjectBatadrava Cultural Project : গৃহমন্ত্ৰীৰ আগমনকলৈ উখল মাখল বটদ্ৰৱা

নগাঁওঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনকলৈ উখল মাখল হৈ পৰিছে বটদ্ৰৱা। সোমবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা সাংস্কৃতিক ক্ষেত্ৰ আনুষ্ঠানিক ভাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। সেয়ে সোমবাৰে অনুষ্ঠিত হবলগীয়া অনুষ্ঠানৰ তদাৰকৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ক তথা বিজেপি নেতা সকলে বটদ্ৰৱাত ভিৰ কৰিছে‌হি। শনিবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই বিধায়ক ৰূপক শৰ্মাক লগত লৈ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তদাৰকৰ বাবে বটদ্ৰৱাত উপস্থিত হয়হি (Batadrava Cultural Project)।

গৃহমন্ত্ৰীৰ উদ্বোধনী অনুষ্ঠানৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-‘ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধন কৰি প্ৰকল্পৰ সৰ্বোচ্চ উচ্চতাত থকা গুৰু আসনৰ পৰা আৱিৰ্ভাৱ ক্ষেত্ৰ প্ৰত্যক্ষ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তাৰ পাছত নাটঘৰলৈ যাব তেওঁ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সন্মুখত আইসকলে পৰিবেশন কৰিব দিহানাম। গোটেই পথছোৱা শংকৰী কলাকৃষ্টি আৰু গায়ন বায়নেৰে এক আধ্যাত্মিক পৰিবেশ সৃষ্টি হ’ব (Batadrava Cultural Project inauguration)।”

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব বটদ্ৰৱা প্ৰকল্পঃ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব বটদ্ৰৱা প্ৰকল্প।- বটদ্ৰৱাত উপস্থিতহৈ আনুষ্ঠানিক ভাবে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma visit)। তেওঁ কয় -‘
বটদ্ৰৱা প্ৰকল্পটো সোমাবাৰে শুভ উদ্বোধন কৰিব যদিও ৰাইজৰ বাবে মুকলি কৰিবলৈ আৰু এটা মাহ প্ৰয়োজন হ’ব ।বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেই পৰিচালনা কৰিব (Srimanta Sankardeva legacy)।

সু সজ্জিত সংগ্ৰহালয়ত ৰখা হব বৃন্দাবনী বস্ত্ৰ

বটদ্ৰৱালৈ বৃন্দাবনী বস্ত্ৰ আনিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্তব্য-‘বৃন্দাবনী বস্ত্ৰ বটদ্ৰৱা প্ৰকল্পলৈ আনিব পৰা নাযাব। বৃন্দাবনী বস্ত্ৰ উষ্ণতাত আনিব নোৱাৰি। বিশেষ বিমানেৰে বিশেষ বাহনেৰে বিশেষভাবে সু সজ্জিত মিউজিয়ামলৈ অনা হ’ব। বৃন্দাবনী বস্ত্ৰ সূৰ্য্যৰ সৈতে কোনো সম্পৰ্ক হ’ব নোৱাৰিব। কাৰণ এইখন বস্ত্ৰ সাধাৰণ বস্ত্ৰ নহয়, ৬০০ বছৰ পুৰণি বস্ত্ৰ।

উল্লেখযোগ্য দেওবাৰে মুখ্যমন্ত্ৰীৰ বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ জিলা আয়ুক্তই দেৱাশীষ শৰ্মা। ইপিনে গৃহমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে গায়ন-বায়ন, নামতী সহ ভক্ত প্ৰাণ ৰাইজ ।সোমবাৰে উদ্বোধনী অনুষ্ঠানত প্রায় ৬০ হাজাৰ লোকৰ সমাগম কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। ইয়াৰ বাবে নগাঁও জিলাৰ আটাইকেইজন বিজেপি বিধায়ক বিশেষকৈ বিধায়ক ৰূপক শৰ্মাৰ লগতে মন্ত্রী পীযূষ হাজৰিকাই ব্যাপক প্ৰস্তুতি চলাইছে। প্রকল্পস্থলীত আইমাতৃসকল নাম-কীৰ্তনৰ আখৰাত ব্যস্ত হৈ পৰিছে। ২২২ কোটি টকাৰে নিৰ্মাণ হোৱা এই প্ৰকল্পই বটদ্ৰৱাক বিশ্বৰ পৰ্যটন মানচিত্ৰত এক বিশেষ স্থান প্ৰদান কৰিব বুলি অসমবাসী আশাবাদী।

লগতে পঢ়কঃ Batadrava Cultural Project: আবিৰ্ভাৱ ক্ষেত্ৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত ন ৰূপত উজলিব বটদ্ৰৱা


Advertisement