Indian Book of Records Child ProdigyIndian Book of Records Child Prodigy: অসাধাৰণ প্ৰতিভাৰে ১৯ মাহতে ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়িলে বিস্ময়কৰ আয়াজ অজিলে

নগাঁওঃ মাত্ৰ ১৯ মাহতে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড গঢ়াটো সাধাৰণতেই হয়তু অসম্ভৱ। কিন্তু এই অসম্ভৱকে সম্ভৱ কৰি তুলিছে নগাঁৱৰ এটি ১৯ মহীয়া কণমানি শিশুৱে। মাত্ৰ ১৯ মাহ বয়সতেই নিজৰ অসাধাৰণ প্ৰতিভাৰে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে নগাঁৱৰ শিশুটিয়ে (Indian Book of Records Child Prodigy)।

হয়, ১৯ মহীয়া দেৱ শিশুৱেই গঢ়িলে ইন্ডিয়া বুক অফ ৰেকৰ্ডৰ খিতাপ। অবিশ্বাস্য যেন লগা এয়াই প্ৰকৃত সত্য। শিশুটি নগাঁৱৰ চুহাইল আনোৱাৰ চৌধুৰীৰ আৰু ৰৌজানা মমতাজৰ আয়াজ অজিল (Child Prodigy Assam)।

১৯ মহীয়া আয়াজ অজিলে ১৫ মহীয়া বয়সতে পাঁচ মিনিটত ৪৫ টা দেশৰ নাম, ২৭ খন বাহন, ২৪ টা প্ৰাণীৰ নাম, ২৩ টা ঘৰুৱা সামগ্ৰী, ১৪ টা ৰাষ্ট্ৰীয় চিহ্ন, ৮ টা গ্ৰহ, ২৫ টা সাধাৰণ জ্ঞান ইংৰাজী বৰ্ণমালা আৰু ১ পৰা ৫০ লৈকে পাঁচ মিনিটত কবলৈ সক্ষম হোৱাত অর্জন কৰিলে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড খিতাপ।

১৮ মহীয়া আয়াজ আজিলে ১৫ মাহ বয়সতে অসম বুক অফ ৰেকৰ্ড young achiever olympaid, super kid award ৰ লগতে আৰু কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল (Young Achiever India)।

নগাঁৱৰ ৰূপহীহাটৰ কাঠপাৰা গাঁৱৰ চুহাইল আনোৱাৰ চৌধুৰীৰ আৰু ৰৌজানা মমতাজৰ ঘৰ। অৱশ্যে কৰ্মসূত্ৰে বৰ্তমান নগাঁৱৰ ডিমুৰুগুৰিৰ বাসিন্দা (Nagaon News)।

পিতৃ -মাতৃ চৰকাৰী কৰ্মচাৰী যদিও ব্যস্ততাৰ মাজতেই খেল ধেমালিৰ মাজতেই দিলে শিক্ষা আৰু থুনুক থানুক মাতেৰেই ইতিমধ্যে কেইটাও বঁটাও লাভ কৰিবলৈ সক্ষম হোৱা শিশুটিয়ে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড গঢ়িবলৈয়ো সক্ষম হৈছে।

বৰ্তমান ১৯ মহীয়া দেৱ শিশুৰ এই বিস্ময়কৰ প্ৰতিভাত গৌৰম্ভিত পিতৃ মাতৃ।

লগতে পঢ়কঃ Sparsha-3 Literary Award লাভ কৰিলে নগাঁৱৰ লেখিকা পিংগলিকা বৰকটকীয়ে


Advertisement