Eviction Drive in Karbi Anglong After Magh Bihu on PGR-VGR LandEviction Drive in Karbi Anglong: মাঘ বিহুৰ পিচতে হ'ব কাৰ্বি আংলঙৰ পি জি আৰ- ভি জি আৰ ভূমিত উচ্ছেদ

কাৰ্বি আংলং: বহিৰাগত লোকে কাৰ্বিআংলঙৰ ভূমি বেদখল কৰা ঘটনাকলৈ সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষ আৰু পৰৱৰ্তী সময়ত ত্ৰিপাক্ষিক বৈঠকৰে অনুষ্ঠিতৰ পিচত সোমবাৰে আন্দোলনকাৰীৰ লগত কাৰ্বি স্বায়ত্ব পৰিষদৰ নেতৃত্ব আলোচনাত মিলিত হয়। ডিফুৰ মাটিপুং পাৰ্কত থকা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ত এই আলোচনা হয় । -Eviction Drive in Karbi Anglong

বিহুৰ পিচতে উচ্ছেদঃ

আলোচনাৰ পিচত কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদে উচ্ছেদ সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্ত সদৰী কৰে(Karbi Anglong Autonomous Council)। সেই মৰ্মে , “মাঘ বিহুৰ পিছতে বকলীয়া জনসিঞ্চন ভূমি উচ্ছেদ কৰা হ’ব। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে পি জি আৰ আৰু ভি জি আৰ ভূমিত থকা সকলৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিল কৰিব। পি জি আৰ আৰু ভি জি আৰ ভূমিত বসবাস কৰা সকললৈ মঙলবাৰৰ পৰা দিয়া হ’ব জাননী । জননীযোগে ১৫ দিনৰ সময় দিয়া হব । ১৫ দিনৰ ভিতৰত স্বেচ্ছাই বেদখলকৃত ভুমি ত্যাগ নকৰিলে পৰৱৰ্তী সময়ত উচ্ছেদ কৰা হ’ব (Karbi Anglong Eviction After Magh Bihu)।

পি জি আৰ-ভি জি আৰ ভূমিত কৰিব দিয়া নহব খেতিঃ হব বনানীকৰণ

ইপিনে , আন্দোলনকাৰী যুৱ নেতা লিটছন ৰংফাৰেও উত্তৰ বৰবিলত উচ্ছেদৰ জাননী দিয়া হ’ব বুলি উল্লেখ কৰে(Karbi Anglong land eviction) । তেওঁ কয়, “ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত মৰ্মে সোমবাৰে আলোচনা হৈছে। সেই মৰ্মে পি জি আৰ , ভি জি আৰ ভূমি বেদখল কৰা সকলক জাননী দি ১৫ দিনৰ পিচত উচ্ছেদ কৰা হ’ব (PGR VGR land Assam)। পি জি আৰ, ভি জি আৰ ভূমিত ব্যৱসায় প্ৰতিষ্ঠান থকা সকলৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব । পি জি আৰ ,ভি জি আৰ ভূমিত থকা চৰকাৰী বিভাগৰ কাৰ্যালয় অন্য ঠাইলৈ স্থানান্তৰ কৰা হব। এই কাৰ্যালয় সমূহ খেৰণিত থকা ভূমি সংৰক্ষণ বিভাগৰ খালি মাটিলৈ স্থানান্তৰ কৰা হব। এই ভূমিত কুঁহিয়াৰ বা অন্য খেতি কৰিবলৈ দিয়া নহ’ব। সেই ভূমি বেৰা দি গছ ৰুই বনানীকৰণৰ কাম কৰা হব।”

আহতক তিনি লাখ আৰু নিহতক ১৫ লাখ সাহায্যঃ

“কাৰ্বি আংলঙৰ গোষ্ঠী সংঘৰ্ষত আহত সকলক তিনি লাখ টকা সাহায্য দিয়া হব। এই ঘটনাত নিহত সকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ১০ লাখ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা ৫ লাখ অৰ্থাৎ মুঠ ১৫ লাখ টকাৰ লগতে এটা চাকৰি দিয়া হব।” -লিটছন ৰংফাৰে এই মন্তব্য কৰে।

অবৈধ পট্টা প্ৰদান কৰা মণ্ডলক কৰা হব বহিস্কাৰঃ

লিটছন ৰংফাৰে আলোচনাৰ পিচত কয়, “বহিৰাগতক অবৈধ ভাবে মাটিৰ পট্টা দিয়া মণ্ডল বা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীক নিলম্বিত বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হব।”

ত্ৰিপাক্ষিক বৈঠকৰ পিচত হ’ব ৰাজহুৱা সভাঃ

অসম চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক ১৭ জানুৱাৰীত আৰু কাৰ্বি স্বায়ত্ব পৰিষদৰ লগত বৈঠক ২০ জানুৱাৰীত অনুষ্ঠিতৰ সিদ্ধান্ত লোৱা হয় বুলিও লিটছন ৰংফাৰে সদৰী কৰে। তেওঁ কয়, ” ইয়াৰ পিচতে কাৰ্বি আংলঙৰ ২৬ টা পৰিষদীয় সমষ্টিৰ ৰাইজৰ সভা অনুষ্ঠিত কৰি সিদ্ধান্ত ওপৰত আলোচনা কৰা হ’ব। পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হব। কাৰ্বি আংলঙত থকা বেদখলকাৰী চিনাক্ত কৰি পৰিষদক জনোৱা হৈছে।তেওঁলোকক উচ্ছেদ নিশ্চিতভাবে কৰা হ’ব।”

উল্লেখযোগ্য বহিৰাগতই বেদখল কৰা পশ্চিম কাৰ্বি আংলঙৰ পি জি আৰ-ভি জি আৰ ভূমি উচ্ছেদৰ দাবীত কাৰ্বি ৰাইজে কৰা প্ৰতিবাদত যোৱা ২২ আৰু ২৩ ডিচেম্বৰত উত্তপ্ত হৈ পৰে কাৰ্বি আংলং । আনকি উত্তেজিত ৰাইজে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহৰ লগতে খেৰণি দৈনিক বজাৰৰ দোকান জ্বলাই দিয়ে। ঘটনাত দুজন লোক নিহত আৰু কেইবাজনো আহত হৈছিল।

লগতে পঢ়ক: Karbi Anglong Tripartite Meeting : কাৰ্বি আংলঙৰ সাম্প্ৰতিক ঘটনাক লৈ ত্ৰিপাক্ষিক বৈঠকক গুৰুত্বপূৰ্ণ সিদ্ধান্ত


Advertisement