Human Elephant Conflict in AssamHuman Elephant Conflict in Assam: নগাঁৱত বন্যহস্তীৰ আক্ৰমণত তিনিজন গুৰুতৰভাৱে আহত

নগাঁও : অসমত হাতী–মানুহৰ সংঘাত ক্ৰমশ ভয়াৱহ ৰূপ লোৱা সময়তে নগাঁও জিলাত পুনৰ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। মংগলবাৰে পুৱতি নিশা জিলাখনৰ জলাহ গাঁৱত বন্যহস্তীৰ আক্ৰমণত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে (Human Elephant Conflict in Assam)।

আহত লোক তিনিজনক ক্ৰমে পংকজ শ‌ইকীয়া, ভাইটি শ‌ইকীয়া আৰু তুলসী শ‌ইকীয়া বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকসকলে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকৰ মতে আহত লোকসকলৰ অৱস্থা গুৰুতৰ যদিও বৰ্তমান স্থিৰ (Elephant Attack in Assam)।

ইফালে, একে ঘটনাত বন্যহস্তীৰ আক্ৰমণত দুটা গো-ধন নিহত হোৱা বুলি জানিব পৰা গৈছে। ঘন কুঁৱলীৰ বাবে বৰ্তমানলৈকে বন্যহস্তীৰ অৱস্থিতি নিশ্চিত কৰিব পৰা হোৱা নাই বুলি বন বিভাগে সদৰী কৰিছে। ফলত অঞ্চলবাসীৰ মাজত আতংক আৰু উদ্বেগ অব্যাহত আছে।

উল্লেখযোগ্য যে, বিগত কিছু সময়ৰ পৰা অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো হাতী–মানুহৰ সংঘাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। গাঁওসমূহৰ কাষে-কাষে বন্যহস্তীৰ বিচৰণ বৃদ্ধি পোৱাৰ ফলত প্ৰাণহানি, আহত আৰু সম্পত্তি ক্ষতিৰ ঘটনা সঘনাই সংঘটিত হৈছে (Human Wildlife Conflict)।

Wildlife Institute of India (WII) ৰ তথ্য মতে, অসমত ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ১৪৬৮ গৰাকী লোক হাতী মানুহৰ সংঘাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আঘাত প্ৰাপ্ত হৈছে ৩৩৭ গৰাকী লোক।

এই সময়ছোৱাত ৫২৭ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক গোৱালপাৰাৰ ৮০ খন। শোণিতপুৰ পশ্চিম সংমণ্ডলত ৫১ খন।

এই সময়ছোৱাত হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোক সকলৰ ভিতৰত শোণিতপুৰত ১১০ গৰাকী,আহত হৈছে ৯২ গৰাকী, গোৱালপাৰাত ১৭৫ গৰাকী আৰু ওদালগুৰিত ১৬৮ গৰাকী, আহত হৈছে ৩৪ গৰাকী লোক।

শোণিতপুৰ পূৱ সংমণ্ডলত ১৫৬ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ২১ গৰাকী আহত হৈছে। গোলাঘাটত ১১০ গৰাকীৰ মৃত্যু হৈছে আৰু ৯২ গৰাকী আহত হৈছে । এই সময়ছোৱাত
৫২৭ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে গোৱালপাৰাত ৮০ খন। শোণিতপুৰ পশ্চিম সংমণ্ডলত ৫১ খন। ওদালগুৰিত ৩৯ খন।

তাৎপৰ্যপূৰ্ণ যে, বিগত সময়ছোৱাত নগাঁও,শোণিতপুৰ জিলাত বন্যহস্তীৰ মৃত্যু বৃদ্ধি পাইছে (Elephant Death in Assam)।
এই পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে অসমৰ একাধিক জিলা এই সংঘাতৰ সৰ্বাধিক প্ৰভাৱত পৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে, বিগত সময়ছোৱাত নগাঁও আৰু শোণিতপুৰ জিলাত বন্যহস্তীৰ মৃত্যুৰ ঘটনাও বৃদ্ধি পাইছে। বিদ্যুৎস্পৃষ্ট, মানৱ আক্ৰমণ, খাদ্য সংকট আৰু দুৰ্ঘটনাই হাতীৰ মৃত্যুৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে।

বনাঞ্চল সংকোচন, বনভূমিৰ খণ্ডিতকৰণ আৰু হাতীৰ পৰম্পৰাগত চলাচল পথ (Elephant Corridor) বন্ধ হোৱাৰ ফলতেই এই সংঘাত তীব্ৰতৰ হৈ উঠিছে বুলি বিভিন্ন মহলে দাবী কৰি আহিছে। বনাঞ্চল সংকুচিত হোৱাৰ ফলত হাতীয়ে খাদ্য আৰু পানীৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে(Elephant Corridor Assam)।

বিশেষকৈ গোলাঘাট, নগাঁও, শোণিতপুৰ, কৰিমগঞ্জ, কাছাৰ, বাক্সা আৰু উদালগুৰি জিলাত এই সংঘাত অধিক ভয়ংকৰ ৰূপ লৈছে।

অসমত হাতী–মানুহৰ সংঘাত এতিয়া কেৱল বন্যপ্ৰাণীৰ সমস্যা নহয়, ই এক গভীৰ সামাজিক আৰু পৰিবেশগত সংকট হিচাপে পৰিগণিত হৈছে। বন সংৰক্ষণ, হাতী কৰিডৰ পুনৰুদ্ধাৰ, স্থানীয় লোকক সচেতন কৰা আৰু আগতীয়া সতর্কতা ব্যৱস্থা শক্তিশালী নকৰিলে এই সমস্যাই আগন্তুক দিনত আৰু অধিক ভয়ংকৰ ৰূপ ল’ব বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে।

লগতে পঢ়কঃ Elephant Train Accident Assam: ৩৫ কিলোমিটাৰ দূৰত্বত ৯ বছৰত ১৫ টা বন্যহস্তীৰ মৃত্যু


Advertisement