Akhil Gogoi on Foreigners Deportationদহ বছৰত বিজেপিয়ে বিদেশী খেদিলে মাত্ৰ ১৬৭৬ গৰাকী। বিজেপিক স্বৈৰাতান্ত্ৰিক আখ্যা দি অখিল গগৈৰ বিস্ফোৰণ।

গুৱাহাটীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উভতি ধৰিলে অখিল গগৈয়ে। সোমবাৰে অসমলৈ আহি বিজেপি চৰকাৰক পুনৰ ৫ বছৰ শাসনৰ গাদীত বহোৱালে অসমৰ পৰা অনুপ্ৰৱেশকাৰী বিচাৰি বিচাৰি বহিস্কাৰ কৰা হব বুলি মন্তব্য কৰিছিল গৃহমন্ত্ৰী শ্বাহে। ইয়াৰ পিচতেই মঙলবাৰে এখন সংবাদমেলত গৃহমন্ত্ৰীক উভতি ধৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ” বিজেপিয়ে ১০ বছৰত বিদেশী বহিষ্কাৰ কৰিলে ১,৬৭৬ গৰাকী। মুঠ ৩,৪৫৪ দিনত গড়ে ০.৪৮ গৰাকীকৈ খেদিলে । অৰ্থাৎ, ২.০৬ দিনত এগৰাকীকৈ বিদেশী খেদিলে! “৪০ লাখ” খেদিবলৈ অমিত শ্বাহক কিমান দিন অসমখন দিব লাগিব? ” অসমত দুটা কাৰ্যকাল আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকাল শাসন কৰাৰ পিচতো অসমৰ পৰা বিদেশী মুক্ত কৰাত ব্যৰ্থ হ’ল বিজেপি। এতিয়া অমিত শ্বাহে পুনৰ একেটা কেচেটকে বজাইছে (Akhil Gogoi on Foreigners Deportation)।”

অখিল গগৈ আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদে বিধান সভাত কৰা প্ৰশ্নৰ উত্তৰত লাভ কৰা তথ্যৰ ভিত্তিত অসমৰ পৰা ১০ বছৰত কিমান বিদেশী চিনাক্ত হ’ল আৰু ইয়াৰে কিমানজন বহিস্কাৰ হ’ল তাৰ তথ্য দাঙি ধৰে (Akhil Gogoi statement)।

গগৈয়ে দাঙি ধৰা তথ্য মতে, ২০১৬ চনৰ পৰা ২০২০ চনলৈকে সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালৰ এই ৫ বছৰত বিদেশী ন্যায়াধীকৰণৰ গোচৰৰ ভিত্তিত ৭৬,০২৪ গৰাকী বিদেশী চিনাক্ত হ’ল। সেই সময়ছোৱাত মাত্ৰ ২৬০ গৰাকী বিদেশী বহিস্কাৰ হ’ল (BJP foreigner issue)।

সেই তথ্যমতে, ২০১৬ চনত চিনাক্ত হৈছিল ৫০৯৬ গৰাকী, বহিস্কাৰ হ’ল মাত্ৰ ১৩ গৰাকী। ২০১৭ চনত চিনাক্ত হ’ল ১৫৫৪১ গৰাকী, বহিস্কাৰ হ’ল মাত্ৰ ২৬ গৰাকী। ২০১৮ চনত চিনাক্ত হ’ল ২৬৮২৩ গৰাকী, বহিস্কাৰ হ’ল মাত্ৰ ৬৫ গৰাকী। ২০১৯ চনত চিনাক্ত হ’ল ২৪,২০৯ গৰাকী আৰু বহিস্কাৰ হ’ল মাত্ৰ ৮৭ গৰাকী। ২০২০ চনত চিনাক্ত হ’ল ৪৩৫৫ গৰাকী আৰু বহিস্কাৰ হ’ল মাত্ৰ ৬৯ গৰাকী।

তেওঁ লাভ কৰা তথ্য মতে, ২০২১ চনৰ পৰা ২০২৫ চনৰ অক্টোবৰ পৰ্যন্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ৪২৯০ গৰাকী বিদেশী চিনাক্ত হোৱাৰ বিপৰীতে বহিস্কাৰ হৈছে মাত্ৰ ১৪১৬ গৰাকী। সেই তথ্যমতে ২০২১ চনত চিনাক্ত হৈছিল ৬৩৯২ গৰাকী আৰু বহিস্কাৰ হৈছিল মাত্ৰ ৩৩ গৰাকী। ২০২২ চনত চিনাক্ত হৈছিল ৮৪০৯ গৰাকী আৰু বহিস্কাৰ হৈছিল ৬৩ গৰাকী । ২০২৩ চনত চিনাক্ত হৈছিল ৩৫২২ গৰাকী আৰু বহিস্কাৰ হৈছিল ৬৫ গৰাকী। ২০২৪ চনত চিনাক্ত হৈছিল ৬১২০ গৰাকী আৰু আৰু ২০২৫ চনৰ অক্টোবৰ মাহ পৰ্যন্ত চিনাক্ত হৈছিল ৪২৯০ গৰাকী । এই দুই বছৰত বহিস্কাৰ হৈছিল ১২৯৫ গৰাকী (Himanta government data)।

অৰ্থাৎ এই ১০ বছৰত বিদেশী চিনাক্ত হ’ল ১ লাখ ৪ হাজাৰ ৭৪৮ গৰাকী আৰু বহিস্কাৰ হ’ল মাত্ৰ ১৬৭৬ গৰাকী।

সংবাদ মেলত বিধায়ক অখিল গগৈয়ে আৰু কয়, এই হিচাপত বিদেশী খেদিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমত থকা ৪০ লাখ বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকা
দিব লাগিব। অসমীয়া মানুহ যিমান দিন জীয়াই থাকিব সিমান দিন শাসনত থাকিলেহে বিজেপিয়ে এনেদৰে বিদেশী খেদিব পাৰিব।

বিধায়ক গগৈয়ে লগতে কয়, “বিজেপিৰ মতে ২০১৬ চন শৰাইঘাটৰ শেষ ৰণ আছিল। সেই ৰণত জিকাৰ পিচত বিদেশী খেদিব নোৱাৰিলে অসমীয়া জাতি শেষ হ’ব বুলি কৈছিল। সচাকৈয়ে দেখা গ’ল যোৱা সময়খিনিত অসমীয়া জাতিক নিঃশেষ কৰিবলৈ দিল্লীয়ে মোগলৰ নিচিনা ব্যৱস্থা ললে।”

তেওঁ কয়, “বিদেশী খেদিব নোৱাৰা চৰকাৰখনে বিদেশীক নাগৰিকত্ব দিবলৈ ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন আনিলে। পাকিস্তান, বাংলাদেশ বা আফগানিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা নাগৰিকক ভাৰতত সংস্থাপন কৰাৰ ব্যৱস্থা কৰিলে। বিজেপি নিৰ্বাচনৰ পূৰ্বে গণতান্ত্ৰিক আৰু নিৰ্বাচনৰ পিচত স্বৈৰাতান্ত্ৰিক হৈ পৰে(CAA Assam)।”

লগতে পঢ়কঃ Illegal Immigrant Deportation: অসমৰ পৰা পুনৰ বিদেশী বহিষ্কাৰৰ নিৰ্দেশ


Advertisement