গুৱাহাটীঃ ২০ বছৰীয়া সংখ্যালঘু সংগ্ৰামৰ এক যাত্ৰাৰ অৱসান ঘটাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতিৰ পদ এৰিলে ৰেজাউল কৰিম চৰকাৰে। মঙলবাৰে বঙাইগাঁও জিলাৰ যোগীগোপাৰ বালাপৰাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত আমছুৰ পৰা পদত্যাগ কৰে ৰেজাউল কৰিম চৰকাৰে (Rezaul Karim AMSU Exit)।
বালাপাৰাৰ খেলপথাৰ অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে আমছুৰ কেন্দ্ৰীয় সভাপতিৰ পদ ত্যাগ কৰি আবেগিক হৈ পৰে ৰেজাউল কৰিম চৰকাৰে (AMSU president resignation)। বহুকেইগৰাকী প্ৰাক্তন আমছু নেতাৰ উপৰিও সংখ্যালঘু সংগঠনৰ কেবাগৰাকী নেতাৰ উপস্থিতিত কেবাসহস্ৰাধিক লোকৰ সমাগমত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত দীৰ্ঘদিনীয়া এক যাত্ৰাৰ পৰা বিদায় লৈ আৱেগিক হৈ পৰা ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী সময়ত সংখ্যালঘু জনতাৰ হৈ সংগ্ৰাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে (Assam minority politics)।
এক আৱেগিক মহুৰ্তত আমছুৰ পৰা বিদায় লোৱা ৰেজাউল কৰিম চৰকাৰক বিদায় দিয়ে সংঠনটোৰ নেতৃবৰ্গই।
কি হ’ব ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী যাত্ৰা:
আজিৰ পৰা ২০ বছৰ পূৰ্বেই আমছুৰ উত্তৰ শালমাৰা জিলা সভাপতি হিচাপে সংখ্যালঘু ছাত্ৰ সংঠনটোৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। সংখ্যালঘু সংঠনটোৰ সৈতে জড়িত হৈ সংখ্যালঘু জনতাৰ হৈ মাত মাতি অহা ৰেজাউল কৰিম চৰকাৰে পৰবৰ্তী সময়ত ৰাজনৈতিক পথাৰত ভৰি দিয়াৰ সম্ভাৱনা আছে। কিন্তু কোনটো ৰাজনৈতিক দলত যোগদান কৰিব সেয়া আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে প্ৰকাশ কৰা নাই যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি কৰিমৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে(Rezaul Karim Congress join)।
কোন হ’ব ৰেজাউল কৰিমৰ উত্তৰসুৰী?
মঙলবাৰে আনুষ্ঠানিকভাৱে আমছুৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি লোৱা সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ দায়িত্ব সংঠনটোৰ কোনে ল’ব তাক লৈ নিশাই এক প্ৰতিনিধি হ’ব অনুষ্ঠিত হোৱা বুলিও জানিব পৰা গৈছে। এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যদিও সংঠনটোৰ কাৰ্য্যকৰী সভাপতি ইমতিয়াজ হুছেইনক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে(AMSU next president)। পৰৱৰ্তী অধিবেশন অনুষ্ঠিত নোহোৱালৈকে ইমতিয়াজেই সভাপতিৰ দায়িত্ব পালন কৰিব বুলিও জানিব পৰা গৈছে।
ৰেজাউল কৰিম চৰকাৰে আনুষ্ঠানিকভাৱে বিদায় লোৱা ৰাজহুৱা সভাত আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰিকে আদি কৰি প্ৰাক্তন আমছু নেতা, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাসহ কেইবাগৰাকী নেতা উপস্থিত থাকে।

