নিউজ ডেস্কঃ ডেৰাডুনত বৰ্ণ বৈষম্যৰ বলি হৈ নিহত হোৱা এঞ্জেল চাকমা নামৰ ত্ৰিপুৰাৰ ছাত্রজনৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র সংগঠন নেছ’ (NESO) ই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ঢামিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে (Angel Chakma Killing)। সমান্তৰাল ভাৱে অল ইণ্ডিয়া চাকমা ষ্টুডেণ্টছ ইউনিয়ন (AICSU )এ এক প্ৰেছ বিজ্ঞপ্তিত এঞ্জেল চাকমা হত্যাকাণ্ডৰ চি বি আই তদন্ত দাবী জনাইছে ।সংগঠনটোৱেও উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
কি হৈছিল এঞ্জেল চাকমাৰ লগতঃ
এঞ্জেল চাকমা হৈছে ত্ৰিপুৰাৰ যুৱক। ২৪ বছৰীয়া এঞ্জেল চাকমা দেৰাদুন (উত্তৰাখণ্ড) ৰ এখন বেচৰকাৰী বিশ্ববিদ্যালয়ত MBAৰ ছাত্ৰ আছিল । যোৱা ৯ ডিচেম্বৰ, ২০২৫-ত তেওঁ আৰু তেওঁৰ ভাতৃ মাইকেল চাকমা ডেৰাডুনৰ বজাৰলৈ গৈছিল। সেই সময়ত কেইজনমান যুৱকে তেওঁলোকৰ ওপৰত বর্ণবাদী আৰু অপমানজনক মন্তব্য কৰিছিল (North East students racism)। এঞ্জেলে এই বর্ণবিদ্বেষমূলক মন্তব্যৰ বিৰুদ্ধে আপত্তি জনায়। ফলত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। তেতিয়া বৰ্ণবাদী কেইজনে চোকা অস্ত্ৰৰে এঞ্জেল চাকমাক আক্ৰমণ কৰে (Dehradun racial attack) । আক্ৰমণত এঞ্জেলে গাত আৰু মূৰত গভীৰ আঘাট পায়। প্ৰায় ১৭ দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুজি চিকিৎসাধীন অৱস্থাত ২৬ ডিচেম্বৰ, ২০২৫ ত তেওঁৰ মৃত্যু হয় (Chakma student murder)।
অল ইণ্ডিয়া চাকমা ষ্টুডেণ্টছ ইউনিয়ন (AICSU)ৰ প্ৰতিক্ৰিয়াঃ
অল ইণ্ডিয়া চাকমা ষ্টুডেণ্টছ ইউনিয়ন (AICSU)ৰ সভাপতি দৃশ্যমুনি চাকমাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে তেওঁলোকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ এখন লিখিত আবেদন প্ৰেৰণ কৰিছে।
ছাত্র সংগঠনটোৱে ত্ৰিপুৰাৰ এমবিএ অধ্যয়নৰত ছাত্ৰ এঞ্জেল চাকমাৰ ওপৰত সংঘটিত জাতিগত বিদ্বেষপ্ৰসূত আক্ৰমণ আৰু হত্যাকাণ্ডৰ গৰিহণা দিয়ে । তদুপৰি সমগ্ৰ বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আই (CBI)-লৈ হস্তান্তৰ কৰাৰ দাবী জনায় । সংগঠনটোৱে লগতে উল্লেখ কৰে যে, তেওঁলোকে এই গোচৰৰ বিচাৰ উত্তৰাখণ্ডৰ বাহিৰলৈ বিশেষকৈ দিল্লীলৈ স্থানান্তৰ কৰাৰ বাবেও দাবী জনাইছে।
এ আই চি এচ ইউ (AICSU)-এ বিজ্ঞপ্তিটোত উল্লেখ কৰে যে নিহত ছাত্রজনৰ পৰিয়ালে উত্তৰাখণ্ড আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাইছে। কাৰণ তেওঁলোকৰ মতে, ৯ ডিচেম্বৰত ঘটনা সংঘটিত হোৱাৰ পাছতো তিনিদিন ধৰি আৰক্ষীয়ে এজাহাৰ (FIR) নথিভুক্ত নকৰিলে ।
আনকি সংশ্লিষ্ট আৰক্ষী থানাই একাধিকবাৰ অভিযোগ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলিও ছাত্র সংগঠনটোৱে বিজ্ঞপ্তিৰ জৰিয়তে অভিযোগ কৰে । তেওঁলোকে বিজ্ঞপ্তিত উল্লেখ কৰামতে অল ইণ্ডিয়া চাকমা ষ্টুডেণ্টছ ইউনিয়ন (AICSU)-ৰ হেচাৰ ফলতহে ১২ ডিচেম্বৰ, ২০২৫ৰ দুপৰীয়া এজাহাৰ (FIR) নথিভুক্ত কৰা হয় । তদুপৰি, গোচৰ ৰুজু কৰোতে আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত উপযুক্ত আইনী ধাৰা প্ৰয়োগ নকৰা, জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে জাতিগত গালিগালাজৰ বিষয় উপেক্ষা কৰি ঘটনাটো কেৱল এটা “মাৰপিট” হিচাপে দেখুৱাবলৈ চেষ্টা কৰা বুলিও সংগঠনটোৱে অভিযোগ কৰিছে।
সংগঠনটোৱে চিকিৎসালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰে। ছাত্র সংগঠন AICSU-এ উল্লেখ কৰে যে, মৃতকৰ পৰিয়ালৰ সদস্যসকল আৰু প্ৰত্যক্ষদৰ্শী সাক্ষীসকলে উত্তৰাখণ্ডত নিৰাপদ অনুভৱ কৰা নাই। সেয়ে ন্যায়সংগত আৰু নিৰপেক্ষ বিচাৰ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ স্বাৰ্থতে গোচৰৰ বিচাৰ উত্তৰাখণ্ডৰ বাহিৰলৈ স্থানান্তৰ কৰাটো অত্যাৱশ্যক ।
ছাত্র সংগঠনটোৱে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা আবেদন পত্ৰখনত নিম্নলিখিত দাবী সমূহ উল্লেখ কৰিছে।
দাবী সমূহ হৈছে-
১/ আৰক্ষীৰ ভূমিকা, এজাহাৰ নথিভুক্ত কৰাত হোৱা পলম আৰু সম্ভাৱ্য চিকিৎসাগত অবহেলাৰ সন্দৰ্ভত চি বি আই তদন্ত (AICSU CBI probe demand)।
২/ গোচৰৰ বিচাৰ উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ স্থানান্তৰ।
৩/ এজাহাৰ নথিভুক্ত নকৰা, তথ্য বিকৃত বা বিভ্ৰান্তিকৰভাৱে উপস্থাপন কৰা আৰু অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰা সংশ্লিষ্ট আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ।
৪/ পলাতক অৱস্থাত থকা অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰা।
৫/ মৃতকৰ পৰিয়ালক ২ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা।
৬/ উত্তৰাখণ্ডত অধ্যয়ন আৰু বসবাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলৰ সুৰক্ষাৰ বাবে স্পষ্ট আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা।
৭/ দিল্লী আৰক্ষীৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গঠন কৰা বিশেষ আৰক্ষী গোট চমুকৈ SPUNER (Special Police Unit for the North-Eastern Region)-ৰ নিচিনাকৈ উত্তৰাখণ্ড আৰক্ষীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষা আৰু সহায়ৰ বাবে এক বিশেষ আৰক্ষী কোষ গঠন কৰা ।
নেছ’ৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণঃ
উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (NESO) ই এঞ্জেল চাকমাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে (NESO letter Uttarakhand CM)। ছাত্র সংগঠনটোৰ সভাপতি স্যামুৱেল বি. জিৰৱা আৰু সম্পাদক মুটচিখোয়ো ইয়োবুয়ে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ থকা মতে যোৱা ৯ ডিচেম্বৰ ২০২৫ ত ডেৰাডুনত সংঘটিত এক ভয়ংকৰ হিংসাত্মক ঘটনাত নিহত এঞ্জেল চাকমাৰ ওপৰত আক্ৰমণৰ একমাত্ৰ কাৰণ আছিল তেওঁলোকৰ শাৰীৰিক গঠন তথাকথিত আৰ্য সকলৰ পৰা পৃথক হোৱাটো। আক্ৰমণকাৰীসকলে তেওঁলোকক অপমানজনক আৰু মৰ্যাদা হানিকৰ জাতিগত গালিগালাজ কৰিছিল। নেছ’-এ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বিৰুদ্ধে সংঘটিত এই ধৰণৰ নৃশংস অত্যাচাৰৰ কঠোৰভাৱে নিন্দা কৰে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ছাত্র সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল দীৰ্ঘদিন ধৰি এই ধৰণৰ বৈষম্য, অপমান আৰু হিংসাৰ সন্মুখীন হৈ আহিছে বুলিও উল্লেখ কৰে।
সংগঠনটোৱে পত্ৰখনত উল্লেখ কৰা দাবী সমূহ হৈছে-
১) এই হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক শীঘ্ৰে কঠোৰতম শাস্তি তথা মৃত্যুদণ্ড প্ৰদান কৰা।
২) উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বিৰুদ্ধে সংঘটিত জাতিগত বৈষম্য আৰু অত্যাচাৰ সম্পৰ্কীয় গোচৰসমূহ নিষ্পত্তিৰ বাবে অন্ততঃ এখন বিশেষ আৰক্ষী থানা স্থাপন কৰা।
৩) জাতিগত বৈষম্য ৰোধৰ বাবে “বৰ্ণবাদ বিৰোধী আইন” নামৰ এখন কঠোৰ আৰু স্পষ্ট আইন প্ৰণয়ন কৰা।
উল্লেখযোগ্য নেছ’ত উত্তৰ পূৰ্বাঞ্চলৰ ৮ টা ছাত্র সংগঠন ক্ৰমে খাচি ছাত্র সন্থা (KSU), সদৌ অসম ছাত্ৰ সন্থা (AASU), নাগা ছাত্র ফেডাৰেচন (NSF), মিজো জিৰলাই পৱল (MZP), টুইপ্ৰা ছাত্র ফেডাৰেচন (TSF), সদৌ মণিপুৰ ছাত্র সন্থা (AMSU), গাৰো ছাত্র সন্থা (GSU) আৰু সদৌ অৰুণাচল প্ৰদেশ ছাত্র সন্থা (AAPSU) অন্তৰ্ভুক্ত ।
লগতে পঢ়ক: Assam STF Jihad Arrest: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম, উত্তৰ-পূৱ

