AGP–BJP Tussle in Barhampur: Is BJP MLA Jitu Goswami’s Political Future at Risk?অগপক লাগে বঢ়মপুৰ, কি হব বিজেপি বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত?

নগাঁওঃ নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত অসুৰক্ষিত হৈ পৰিছে নেকি? কি হব বিজেপি বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত (Barhampur constituency BJP AGP dispute)?

শেহতীয়া পৰিস্থিতিত এনে প্ৰশ্নই উত্থাপিত হৈছে ৰাজনৈতিক মহলত । কাৰণ এইবাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি বদ্ধপৰিপক্কৰ হৈ পৰিছে শাসনাধিষ্ঠিত মিত্ৰজোটৰ আন এটা আঞ্চলিক দল অগপ (Barhampur constituency politics)।

কি কলে নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্তইঃ

শণিবাৰে নগাঁও জিলা অগপৰ কাৰ্যালয়ত সাংবাদিকৰ আগত অগপৰ সাধাৰণ সম্পাদক তথা অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই বঢ়মপুৰ বিধান সভা সমষ্টি নিশ্চিতভাবে বিচৰাৰ কথা উল্লেখ কৰে। মহন্তই কয়, “নগাঁও জিলাত আমি তিনিৰ পৰা চাৰিখন আসন বিচাৰিম। অৱশ্যে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় সমিতিৰ আৰু ৰাজ্যিক বিজেপিৰ । কিন্তু আমি জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাম এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গ স্বৰূপ নগাঁৱত যাতে সেই সন্মান ৰাখে। অসম গণ পৰিষদৰ প্ৰতি নগঞা ৰাইজৰ আবেগ অনুভূতি আছে। সেই আবেগ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সন্মানজনক আসন দিবলৈ অনুৰোধ জনাম।”

বঢ়মপুৰ বিধান সভা সমষ্টি অগপক দিবৰ বাবে একপ্ৰকাৰৰ দাবী জনাই অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি জনে কয়, “কলিয়াবৰৰ লগতে বঢ়মপুৰ সমষ্টি এসময়ত অগপৰ দুৰ্গ আছিল। সেই বঢ়মপুৰত এতিয়াও অগপৰ যথেষ্ট অনুৰাগী আছিল। তেওঁলোকে দিনে নিশাই দলটোৰহৈ সাংগঠনিক কাম কৰি আছে। গতিকে সমষ্টিটো অগপক ওভতাই দি আঞ্চলিকতাবাদৰ প্ৰতি এটা সন্মান দিব বুলি আমি আশা কৰিছো (Jitu Goswami political future)।”

বঢ়মপুৰত অগপৰ শিপা আছিল বুলি মন্তব্য কৰি তেওঁ কয়, ” বঢ়মপুৰত শিপাই নহয় আমাৰ ভেটি আছিল। সেই ভেটি এদিনীয়া নহয়, ৩৫ বছৰৰ এটা অজৰ অমৰ ভেটি। সেই ভেটিত ঘৰ বনাওতে বেছি সময় নালাগে। আমাৰ দলৰ নিষ্ঠাবান কৰ্মকৰ্তা সকলে প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ডত নিজৰ সংগঠন শক্তিশালী কৰি উঠিছে। তেওঁলোকক ৰাইজে বিপুল সমাদৰ দিছে।”

ইপিনে সাংবাদিকে বঢ়মপুৰত শাসকীয় দলৰ এজন বিধায়ক থকা সত্বেও অগপই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচৰা সম্পৰ্কত জানিব বিচৰাত অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মহন্তই কয়,” বহু সময়ত আমাৰ বিধায়ক থকা সমষ্টিও আমি এৰি দিছো। ৰাজনৈতিক মিত্ৰতাত এনেবোৰ বুজাবুজি থাকিব লাগে, থকা উচিত।”

তিনি-চাৰিখন আসন বিচাৰিব অগপইঃ

মহন্তই অগপই তিনি-চাৰিখন আসন বিচাৰিব বুলি মন্তব্য কৰি কয়,” ৰহা আৰু বঢ়মপুৰৰ উপৰিও ৰূপহী,ঢিং আৰু চামগুৰিৰ পৰা যিকোনো এটা সমষ্টি অগপই বিচাৰিব বুলি কয় (BJP AGP seat sharing Assam)।
মহন্তই লগতে কয়, “অসম গণ পৰিষদে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ শক্তিশালী ভাবে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰি আহিছে। আঞ্চলিকতাবাদ শক্তিশালী হলেহে অসমীয়া জাতি সুৰক্ষিত হব (AGP Barhampur demand)।”

বিধান সভা নিৰ্বাচনৰ বাবে অগপ সাজুঃ

মহন্তই কয়,” সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অগপ দল সম্পূৰ্ণ সাজু। তৃণমূল পৰ্যায়ৰ বুথ সমিতিৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়ৰ সমিতিলৈকে নগাঁৱত অগপৰ সংগঠন শক্তিশালী হৈছে।” বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অগপৰ ছাত্র সংগঠন অসম ছাত্র পৰিষদৰ প্ৰাৰ্থী জয়ী হোৱাৰ কথা উল্লেখ কৰি মহন্তই কয়- “আঞ্চলিকতাবাদ- জাতীয়তাবাদৰ প্ৰতি নৱপ্ৰজ্বন্ম আগ্ৰহী হৈছে। এয়া অসমীয়া জাতিৰ বাবে এক ইতিবাচক বাৰ্তা। অসমৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ অগপই এখন শক্তিশালী অসম নিৰ্মাণ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। অগপৰ প্ৰগতিশীল দৃষ্টিভংগীৰ বাবে এতিয়া অগপৰ প্ৰতি সকলো জাতি জনগোষ্ঠী আকৃষ্ট হৈছে। অগপৰ সভাপতি অতুল বৰ্তমান বৰাৰ নেতৃত্বত অগপ দল সঠিক ভাবে আগবাঢ়িছে।”

৩৫ বছৰ অগপৰ দখলত আছিল বঢ়মপুৰঃ

৩৫ বছৰ অগপৰ দখলত আছিল বঢ়মপুৰ‌। ১৯৮৫ চনৰ পৰা ২০২১ চন পৰ্যন্ত বঢ়মপুৰ বিধান সভা সমষ্টি অসম গণ পৰিষদৰ দখলত আছিল। ১৯৮৫ চনত সমষ্টিটোৰ পৰা গিৰীন্দ্ৰ কুমাৰ বৰুৱা বিজয়ী হোৱাৰ বিপৰীতে ১৯৯১ চনৰ পৰা ২০১৬ চনৰ বিধান সভা নিৰ্বাচনলৈকে এই সমষ্টিটোৰ পৰা আটাইকেইটা বিধান সভা নিৰ্বাচনত অগপ প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্ত বিজয়ী হৈছিল। আনকি এই সমষ্টিটোকে প্ৰতিনিধিত্ব কৰি প্ৰফুল্ল কুমাৰ মহন্ত তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰীও হৈছিল। অৱশ্যে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত সমষ্টিটো মিত্ৰতা সূত্ৰে বিজেপিক দিয়ে । বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে সামান্য ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীজনক পৰাজিত কৰি নিৰ্বাচিত হয়।

এনেক্ষেত্ৰত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত সমষ্টিটো পুনৰ নগাঁও জিলা অগপই বিচৰা কাৰ্যই নিশ্চিতভাবে বিপাঙত পেলাব বিজেপি নেতৃত্বক। কিয়নো সমষ্টিটোৰ পৰা অগপৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈছে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্ত আৰু কেশৱ মহন্তৰে ঘনিষ্ঠ অগপ নেত্ৰী মামণি বৰা। দুয়োগৰাকীয়ে আজি একত্ৰে বঢ়মপুৰ সমষ্টিটো অগপক লাগিব বুলি উল্লেখ কৰে।

অৱশ্যে বিজেপি নেতৃত্ব আৰু অগপ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে লক্ষ্যণীয় হব।

লগতে পঢ়কঃ Amit Shah Assam Visit: অসমলৈ আহি বিজেপিৰ বাবে আৰু পাঁচ বছৰ বিচাৰিলে অমিত শ্বাহে


Advertisement