Professor Gun Shaikia Honoured with National Sanskrit Vidwat Award অধ্যাপক গুণ শইকীয়াক ‘সংস্কৃত-বিদ্বৎ’ ৰাষ্ট্ৰীয় সন্মান

নগাঁওঃ অসমৰ এজন অগ্ৰণী সংস্কৃত পণ্ডিত, নগাঁও কলেজৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক গুণ শ‌ইকীয়াক অসমৰ আন চাৰিজন সংস্কৃতজ্ঞ বিদ্বান ক্ৰমে ড: ৰাজেন্দ্ৰনাথ শৰ্মা, ড: সুৰেশ বৰা, ড: নন্দিতা ভট্টাচাৰ্যী গোস্বামী, ড: নলিনী দেৱী মিশ্ৰ সমন্বিতে দিল্লীৰ ‘কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়’ আৰু নলবাৰীৰ ‘কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যাল’য়ে অলপতে যৌথভাৱে ‘সংস্কৃত-বিদ্বৎ’ পুৰস্কাৰেৰে সন্মানিত কৰে (Gun Shaikia Sanskrit Vidwat Award)। শাৰীৰিক অসুবিধা হেতুকে সংশ্লিষ্ট অনুষ্ঠানদ্বয়ে তেখেতক স্বগৃহতেই এই সন্মান প্ৰদান কৰে।

এজন কৃতী ছাত্র, কৃতী শিক্ষক, প্ৰচাৰবিমুখ সাহিত্যিক,নগাঁৱৰ পাৰ্শ্ববৰ্তী কৰৈয়নী অঞ্চলৰ সুসন্তান অধ্যাপক গুণ শ‌ইকীয়াৰ ভাৰতীয় সাহিত্য-সংস্কৃতি বিষয়ক গ্ৰন্থসম্ভাৰ – ‘প্ৰাচ্য সাহিত্য-সংস্কৃতি দৰ্শন’, শঙ্কৰদেৱৰ নাটকৰ শ্লোক- অৰ্থ আৰু ছন্দ বিচাৰ’ ‘বৈষ্ণৱ বিচাৰণা বিচিত্ৰা, ‘বিষয়-বিচাৰ বিচিত্ৰা’,, ‘বিমৃশা’, ‘মাধৱদেৱৰ নাটৰ শ্লোক- অৰ্থ আৰু ছন্দ-বিচাৰ আদি(Assam Sanskrit scholar)।

‘নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চ’ৰ সুদীৰ্ঘ কাল যথাক্ৰমে সম্পাদক আৰু সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা, অসমত পোন প্ৰথমবাৰৰ বাবে পূৰ্ণাঙ্গৰূপত মূল সংস্কৃততে মহাকবি কালিদাসৰ বিশ্ববিখ্যাত অভিজ্ঞান-শকুন্তলম্’ নাটকৰ নাট্যৰূপ দি- নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সফলভাৱে মঞ্চস্থ কৰোৱা সুঅভিনেতা, নাট্যকাৰ, গীতিকাৰ, নিৱন্ধকাৰ, সংস্কৃতিসেৱক (National Sanskrit Award)
গুণ শ‌ইকীয়া ৰাষ্ট্ৰীয়ভাৱে সন্মানিত হোৱাৰ খবৰে নগাঁও তথা অসমৰ সংস্কৃত-সংস্কৃতিপ্ৰাণ ৰাইজক উৎফুল্লিত কৰিছে(Sanskrit theatre in Assam)।

লগতে পঢ়কঃ Krantikal Award 2025: ডঃ তিলোত্তমা মিশ্ৰলৈ ২০২৫ বৰ্ষৰ ক্ৰান্তিকাল সন্মান


Advertisement