Tribute to Freedom Fighter Martyr Manbar Nath at Rahaৰহাত বিয়াল্লিছৰ স্বহীদ মনবৰ নাথক সোঁৱৰণ

ৰহাঃ বিয়াল্লিছৰ স্বাধীনতা আন্দোলনৰ ঢেকিয়াজুলিত ইংৰাজৰ গুলিত প্ৰাণ আহুতি দিয়া মৃত্যু বাহিনীৰ নায়ক মনবৰ নাথৰ সোঁৱৰণত আজি ৰহা ক্ৰীড়া সন্থাৰ সভাগৃহত এটি গীতৰ এলবাম মুকলি কৰা হয় । ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গীতৰ এলবামটো মুকলি কৰে ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডঃ ৰাজশ্ৰী বৰাই । বিশিষ্টা লেখিকা মনোৰমা ভূঞাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা আৰু প্ৰদীপ কুমাৰ সিংহ ই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিম্বেশ্বৰ ভূঁঞাই ।

মাধুৰ্য্য জ্যোতি সিংহই উদ্বোধনী গীত পৰিৱেশন কৰাৰ পাছতে এমুঠি গীতৰ এলবামটো উন্মোচন কৰা হয় । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডঃ নিৰলা দেৱীয়ে কয় – মনবৰ নাথৰ জন্ম হৈছিল ৰহাৰ সমীপৱৰ্তী বেবেজীয়াৰ কাষত থকা জামুগুৰি গাঁৱত। পৰৱৰ্তী কালত মনবৰ নাথ জামুগুৰিৰ পৰা গৈ ঢেকিয়াজুলিৰ আত্মীয়ৰ ঘৰত থাকি ৪২ আন্দোলনৰ মৃত্যু বাহিনীৰ নায়ক হৈ ঢেকীয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ পুলিচৰ গুলীত নিহত হৈছিল । ঢেকীয়াজুলি ঘটুৱা গাঁৱত অসম চৰকাৰৰ সহযোগত এটি প্ৰতিমূৰ্তি আৰু জন্মস্থান জামুগুৰি গাঁৱত আন এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে ।

লগতে তেখেতে কলে, প্ৰযুক্তি নিৰ্ভৰ পৃথিৱীত চমক সৃষ্টি কৰি আৰ্টিফিচিয়েল কাণ্ডই বহুতকে আমোদ দিছে যদিও এই কাৰ্যই সৃষ্টি কৰ্মক ব্যাঘাত জন্মাইছে। যন্ত্ৰ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আমি বিশুদ্ধ সৃজনশীলতাৰ মাজেদি নতুন নতুন উদ্ভাৱন কৰি আগবাঢ়িলে সমাজ আৰু মানৱতাৰ এক জয়গান হ’ব । এককথাত কব পাৰো কৃত্ৰিম বুদ্ধিমত্তাই নতুন প্ৰযুক্তিৰ সৃষ্টি কৰিছে; কিন্তু কৰিব পৰা নাই সৃষ্টিশীলতাৰ প্ৰকৃত আনন্দ ।

সভাত বিশিষ্টা সাহিত্যিক মনোৰমা ভূঞা, ৰহাৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস আৰু নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ আৰু ডঃ দিনেশ হাজৰিকাই বক্তব্য প্ৰদান কৰে । সভাখনত গীতৰ এলবামটোৰ কথা সুৰ আৰু কণ্ঠদান কৰা কণ্ঠশিল্পী জিতু শ্ৰাৱন, সঞ্জীৱ কুমাৰ ৰাজখোৱা , প্ৰাঞ্জল প্ৰতিম বৰুৱা, মন্টু পাটৰ, পৰাগ তামুলী, ৰিতুমনি বৰুৱা , বিশাল শৰ্মা, কুমুদ বৰ্মন, ছাহজাহান আলী, প্ৰাঞ্জল বৰা, দুলুমনি শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ।

নৱ পল্লৱ ভূঞা আৰু তুলতুল শৰ্মাৰ প্ৰযোজনাত মুকলি হোৱা এলবামটো মানৱতাৰ গানৰ এটি গীত ৰাইজক বজাই শুনোৱা হয় । অনুষ্ঠানত জীয়া বৰুৱাই ডঃ ভূপেন হাজৰিকা আৰু ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুটি কালজয়ী গীত পৰিৱেশন কৰে । শিৱা মনি শৰ্মাইও ডঃ ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে ।

সভাত ডঃ দিনেশ হাজৰিকাই নিজৰ বক্তব্যত কয়, প্ৰযুক্তি এনেকোৱা হ’ব লাগে যাতে মগজুৰ দ্বাৰা উদ্ভাৱন হোৱা প্ৰযুক্তিৰ ফলাফল সমাজ আৰু মানৱ জাতিৰ কল্যাণৰ বাবে হোৱা উচিত। সভাত ভাষণ প্ৰদান কৰি বিশিষ্টা সাহিত্যিক মনোৰমা ভূঞাই কয় মই পৰাধীন ভাৰতত জন্ম হৈছিলোঁ ,ভাৰতে যেতিয়া স্বাধীনতা পাইছিল তেতিয়া মই পঞ্চম মানত পঢ়িছিলোঁ । তেতিয়াৰ নাৰী স্বাধীনতা আৰু আজিৰ নাৰীৰ স্বাধীনতাৰ মাজত কিছু পাৰ্থক্য হৈছে। আজিৰ যুৱ প্ৰজন্মই নতুন প্ৰযুক্তিৰ আবিস্কাৰ আৰু ব্যৱহাৰ হৈছে সেইবোৰ আমি নাজানো । তথাপিও নতুন চামক সৃষ্টিশীলতাৰ মাজেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

সভাপতিৰ ভাষণত কমল চন্দ্ৰ শৰ্মাই নিজৰ ভাষণত গীতৰ এলবামটোৰ মুকলিৰ বাবে আগভাগ লোৱা সকলো শিল্পীক ধন্যবাদ জ্ঞাপন কৰি বিদ্যালয়ৰ পাঠ্যক্ৰমত লগতে অন্যান্য পাঠ্যক্ৰমত যুৱ চামক আগবাঢ়ি আহিবলৈ আহ্বান জনায় । মূল সভাৰ সামৰনিৰ লগতে অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানটিত দুলুমনি শইকীয়াই জুবিন গাৰ্গৰ ‘ জোনাক গলা জাৰৰ নিশা’ গীতটোৰে অনুষ্ঠানৰ আৰম্ভণি কৰে ।

অনুষ্ঠানত মানালী মেধ , সঞ্জীৱ কুমাৰ ৰাজখোৱা, প্ৰাঞ্জল বৰা, জিতু শ্ৰাৱনে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

লগতে পঢ়ক: বিশ্ববিজয়ী চিমু দাসৰ পৰিয়ালৰ বিষয়ে জানিলে আপোনাৰো নিগৰিব অশ্ৰু


Advertisement