NEET admission shockআশ্চৰ্যকৰ ! চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবেই কাটিলে নিজৰ ভৰি

নেশ্যনেল ডেস্কঃ আপুনি মুন্নভাই এম বি বি এচ চলচ্চিত্ৰখন নিশ্চয় চাইছে। এই চলচ্চিত্ৰ খনত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্ত্তিৰ বাবে মুন্নভাই ৰূপী সঞ্জয় দত্তই গ্ৰহণ কৰা বিভিন্ন নীতিবৰ্হিভূত কৌশল আপুনি হয়তো দেখিছে। ইয়াৰ ভিতৰত এটা কৌশল আছিল বলিষ্ঠ অভিনেতা সঞ্জয় দত্তই ওপৰৰ মহলাৰ পৰা জপিয়াই আহত হৈছিল , চিকিৎসা মহাবিদ্যালয়খনত থাকিবৰ বাবে (NEET admission shock)।

চিকিৎসক হিচাপে এক আকৰ্ষণীয় কেৰিয়াৰ গ্ৰহণৰ বাবে এনে এক আশ্চৰ্যকৰ আৰু সাধাৰণ মানুহে কৰিব নোৱাৰা অবাস্তৱ কামেই কৰিছে উত্তৰ প্ৰদেশৰ এজন যুৱকে। যুৱকজনৰ এনে অবাস্তৱ কৰ্মকাণ্ডই শিক্ষা, জীৱন ধাৰণ পদ্ধতি আদি বিভিন্ন ক্ষেত্ৰত হোৱা ব্যাপক প্ৰতিযোগিতাই মানুহৰ মানসিক স্থিতি সলনি কৰি দিয়াৰ বিষয়টোও চৰ্চিত কৰিছে। কেৰিয়াৰ সৰ্বস্ব নৱপ্ৰজন্মৰ বহু ছাত্র ছাত্রীয়ে আকৰ্ষণীয় কেৰিয়াৰৰ দ্বাৰা নিজকে গঢ়ি তুলিবৰ বাবে যিকোনো কাম কৰিবলৈও যেন সাজু। তীব্ৰ মানসিক চাপত যেন ভুগিছে নৱপ্ৰজন্মৰ বহুজনেই।

ঘটনাটো উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ। জিলাখনৰ খলিলপূৰ গাঁৱৰ এজন চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভৰ সপোন দেখা এজন যুৱকে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰাৰ সুবিধা পাবলৈ নিজৰ এটা ভৰি কাটি পেলায়। সূৰজ ভাস্কৰ নামৰ প্ৰায় ২০ বছৰীয়া যুৱকজনে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা মেডিকেল প্ৰৱেশ পৰীক্ষা NEET ত দুবাৰকৈ অকৃতকাৰ্য হৈছিল। ইয়াৰ পিছতে তেওঁ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

আৰক্ষীৰ মতে, তেওঁ নিজে এটা ভৰি কাটি বিশেষ ভাবে সক্ষম ব্যক্তি বুলি ভুৱা তথ্য দাখিলৰ দ্বাৰা নাম ভৰ্তি কৰিব বিচাৰিছিল। এই ঘটনাটো বিষয়ে যোৱা ১৮ জানুৱাৰীত আৰক্ষীয়ে অভিযোগ লাভ কৰে।

সুৰজ ভাস্কৰৰ জ্যেষ্ঠ ভাতৃ আকাশ ভাস্কৰে আৰক্ষীক তেওঁৰ ভাতৃক কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি এটা ভৰি কাটি অচেতন অৱস্থাত পেলাইথৈ যায় বুলি অভিযোগ কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। পিচত এই তদন্তৰ দায়িত্ব চহৰ চক্ৰ বিষয়া গ’ল্ডী গুপ্তাক অৰ্পণ কৰা হয় ।

আৰক্ষীয়ে ২১ জানুৱাৰীত অতিৰিক্ত আৰক্ষী অধীক্ষক (চহৰ) আয়ুষ শ্ৰীবাস্তৱৰ ওচৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিচতে পোহৰলৈ আহে প্ৰকৃত সত্য।

আৰক্ষীৰ মতে তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে সূৰজৰ স্বীকাৰোক্তিত কেইবাটাও অসংলগ্ন তথ্য ধৰা পেলায়। আৰক্ষীয়ে তেওঁৰ ম’বাইল ফোন পৰীক্ষা কৰে। মোবাইল ফোন পৰীক্ষা কৰোতে এটা নম্বৰৰ পমখেদি এগৰাকী যুৱতীৰ লগত সূৰজৰ সম্পৰ্কৰ কথা আৰক্ষীয়ে জানিব পাৰে। আৰক্ষীয়ে যুৱতী গৰাকীক জেৰা কৰে।

তদুপৰি তদন্তকাৰী আৰক্ষীয়ে সূৰজৰ নিজৰ এখন ডায়েৰিও উদ্ধাৰ কৰে। এই ডায়েৰীত সূৰজে তেওঁ ২০২৬ চনত যিকোনো প্ৰকাৰে এমবিবিএছ পাঠ্যক্ৰমত ভৰ্ত্তি হব বুলি লিখা আছিল।

আৰক্ষী সূত্ৰৰ মতে, লাইন বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত খলিলপুৰৰ বাসিন্দা সূৰজ ভাস্কৰে ফাৰ্মাচীত ডিপ্ল’মা (ডি. ফাৰ্মা) পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। তেওঁ NEET পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিল।।দুবাৰকৈ NEET পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ ফলত তেওঁ মানসিকভাবে ভাৰাক্ৰান্তহৈ পৰিছিল আৰু হতাশাগ্ৰস্ত পৰিছিল।

ফলত NEET পৰীক্ষাৰ অধীনত নাম ভৰ্তিৰ বাবে বিশেষভাবে সক্ষম লোকৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিবলৈ আৰু তাৰ সৈতে জড়িত ৰেহাই লাভ কৰি এমবিবিএছ ডিগ্ৰী অৰ্জন কৰাৰ সপোন পূৰণ কৰিবলৈ নিজৰ বাওঁ ভৰিৰ এটা অংশ নিজেই কাটি পেলায় বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। পিচত কোনো দুৰ্বৃত্তই তেওঁৰ ভৰি কাটি পেলাই বুলি মিছা অভিযোগ কৰিছিল।

আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱামতে, “অভিযুক্তই ভুৱা কাহিনী সাজি তদন্তক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দীৰ্ঘ সময় ধৰি কৰা জেৰা আৰু প্ৰমাণ পৰীক্ষাৰ পিচত প্ৰকৃত সত্য পোহৰলৈ আহে ।”

তদন্তকাৰী আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱামতে সূৰজে জনাইছিল যে ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী পুৱা জ্ঞান অহাৰ সময়ত তেওঁ বাওঁ ভৰিটো কাটি পেলোৱাৰ বিষয়ে জানিব পাৰে। আৰক্ষীয়ে সূৰজৰ অভিযোগৰ আধাৰত দুজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে।

কিন্তু সূৰজে বাৰে বাৰে নিজৰ স্বীকাৰোক্তি সলনি কৰি আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ এই আচৰণে তদন্তকাৰী দলৰ সন্দেহ গভীৰ কৰি তোলে।

আৰক্ষীয়ে স্থানীয় পথাৰত কিছুমান ইঞ্জেকচন উদ্ধাৰ কৰিছিল। এই ইঞ্জেকচন সমূহ চেতনানাশক ঔষধৰ হব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে সূৰজৰ ফাৰ্মাচীৰ ডিগ্ৰী থকাৰ বাবে তেওঁ ইঞ্জেকচন দিয়াৰ প্ৰক্ৰিয়া ভালদৰে জানিছিল বুলি ধাৰণা কৰে। আৰক্ষীৰ ধাৰণা কৰা মতে, তেওঁ প্ৰথমে স্থানীয় চেতনানাশক ইঞ্জেকচন দিয়ে আৰু তাৰ পিছত নিজৰ ভৰিৰ অংশ নিজেই কাটি পেলায়। আৰক্ষীয়ে ভৰিৰ কটা অংশ উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষীয়ে জনোৱামতে তদন্তত ভৰিৰ অংশ কোনো মেচিনৰে কাটি পেলোৱাটো পোহৰলৈ আহিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে বিগত বৰ্ষৰ অক্টোবৰ মাহত বিশেষভাবে সক্ষম-প্ৰমাণপত্ৰ লাভৰ বাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)লৈ সূৰজ গৈছিল। কিন্তু প্ৰমাণপত্ৰ লাভৰ চেষ্টা ব্যৰ্থ হৈছিল।

তদন্তকাৰী আৰক্ষীয়ে জনোৱামতে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে সূৰজক জিলা হাস্পতাললৈ লৈ যায়। তাৰ পৰা উন্নত চিকিৎসাৰ বাবে তেওঁক ট্ৰ’মা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জনায় যে সূৰজৰ অৱস্থা বৰ্তমান স্থিৰ আছে আৰু হাস্পতালৰ পৰা ৰেহাই দিয়াৰ পিচত তেওঁৰ স্বীকাৰোক্তি লোৱা হ’ব আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা হ’ব।

লগতে পঢ়কঃগণতন্ত্ৰ দিৱসঃ নিৰাপত্তাৰক্ষীয়ে পৰিধান কৰিব এ আই সম্পন্ন স্মাৰ্ট গ্লাছ


Advertisement