Bhumi Ekadashi Mela Celebrated with Devotion at Basundhari Than, Rahaউখল মাখল ৰহাৰ মহিমামণ্ডিত মা বসুন্ধৰী থান

ৰহাঃ উখল মাখল ৰহাৰ মহিমামণ্ডিত ’মা বসুন্ধৰী থান’৷ আধ্যাত্মিক চেতনাই বিৰাজ কৰিছে সাম্যৰূপী ৰহাৰ গছপৰাৰ মা বসুন্ধৰী থান৷ বুধবাৰৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থানত অনুষ্ঠিত হৈছে পৰম্পৰাগত ’ভৈমী একাদশী মেলা’ (Bhumi Ekadashi Mela Basundhari Than)৷

বুধবাৰে কাষেৰে বৈ যোৱা বৰপানী নদীৰ পৰা পানী তুলি মা বসুন্ধৰীক স্নান কৰোৱা আৰু ধৰ্মীয় পৰম্পৰা তথা ৰীতি নীতিৰ পিচত বৃহস্পতিবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে মূল ভৈমী একাদশী মেলা পৰ্ব ৷ পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই মা বসুন্ধৰী থানত ভিৰ কৰা দেখা গৈছে ৷ হাতে হাতে ভক্তিৰ অৰ্ঘ্য লৈ মা বসুন্ধৰীৰ আাশীৰ্বাদ লৈছে অগনন ভক্তপ্ৰাণ লোকে৷ জনশ্ৰুতি মতে মাঘ মাহৰ শুক্লপক্ষৰ একাদশী তিথিত মা বসুন্ধৰাই একাদশী ব্ৰত পালন কৰিছিল৷ এই পূণ্য তিথিত মা বসুন্ধৰী থান দৰ্শন কৰিলে মনোবাঞ্চা পূৰ্ণ হয় বুলি আজিও লোকবিশ্বাস আছে৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷

মা বসুন্ধৰীৰৰ আশীৰ্বাদ ল’বলৈ পুৱাৰে পৰা এনেদৰে জনস্ৰোত বৈছে মা বসুন্ধৰী থানলৈ৷ শংখ, ঘণ্টা, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মা বসুন্ধৰী থান৷ উল্লেখ্য যে ৰহাৰ চাপৰমুখ গছপৰাৰ বসুন্ধৰী পাহাৰৰ পূৱ প্ৰান্তত দ্বাদশ শতিকাতে আবিস্কৃত হৈছিল মা বসুন্ধৰী থান৷ পিচলৈ ই ৰাজ্যৰ অন্যতম পীঠস্থানলৈ ৰূপান্তৰিত হয় আৰু প্ৰতি বছৰে মাঘ মাহৰ শুক্লপক্ষৰ একাদশী তিথিত এই ভৈমী একাদশী মেলা মহোৎসৱ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ আহিছে৷ এইবাৰ এই ভৈমী একাদশী মেলা মহোৎসৱত প্ৰায় কুৰি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে৷

কেউফালে ভক্তিৰসৰ লহৰ দেখিবলৈ পোৱা গৈছে মা বসুন্ধৰী থানত৷ ভৈমী একাদশী মেলাত উপস্থিত হৈ মা বসুন্ধৰী থান দৰ্শন কৰিলে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু স্থানীয় বিধায়ক শশীকান্ত দাসেও৷

ভৈমী একাদশী মেলা মহোৎসৱৰ লগত সংগতি ৰাখি থান পৰিচালনা সমিতিয়ে ধৰ্মালোচনী সভা, দিহা নাম আদিও অনুষ্ঠিত কৰে৷ শুক্ৰবাৰে ধৰ্মীয় ৰীতি নীতিৰে ভৈমী একাদশী মেলা মহোৎসৱৰ সামৰণি পৰিব ৷

লগতে পঢ়কঃ ৩১ জানুৱাৰীলৈ বন্ধ থাকিব নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ


Advertisement