ধিং: পুনৰ বৃহৎ উচ্ছেদ অভিযান মধ্য অসমত। মধ্য অসমৰ নগাঁৱত মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে চৰকাৰী ভূমি বেদখলমুক্ত অভিযান। কিন্তু এইবাৰ কিছু ব্যতিক্ৰমী উচ্ছেদ অভিযান আৰম্ভ কৰিছে নগাঁও জিলা প্ৰশাসনে। নাই বুল্ড’জাৰ। কোৰ, চিপৰাং আদিৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে(Eviction Drive in Nagaon)।
আচলতে এইবাৰ ঘৰ বাৰীত উচ্ছেদ চলোৱা নাই প্ৰশাসনে। এইবাৰ উচ্ছেদ চলিছে বিল, সুঁতি বন্ধ কৰি অবৈধভাৱে বান্ধ নিৰ্মাণ কৰা একাংশ বেদখলকাৰীৰ পুখুৰীত। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হোৱা নগাঁও জিলা প্ৰশাসনে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত মঙলবাৰে পুৱাৰ পৰা উচ্ছেদ আৰম্ভ কৰিছে ধিং ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন এলেকাত।

তিনিদিনীয়াকৈ চলিবলগীয়া উচ্ছেদৰ অংশ হিচাপে প্ৰথম দিনাই অৰ্থাৎ মঙলবাৰে পুৱাৰ পৰা শতাধিক শ্ৰমিক ব্যৱহাৰ কৰি উচ্ছেদ অভিযান আৰম্ভ কৰা বুলি দ্যা নিউজ ছৰ্চক জানিবলৈ দিয়ে ৰাজহ বিভাগৰ দায়িত্বত থকা নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সোভিক ভূঞাই। বৃহৎ সুঁতি এটাৰ মাজঅংশত বুল্ড’জাৰ নিয়াত অসুবিধা থকাৰ বাবেই প্ৰথম দিনা শ্ৰমিক ব্যৱহাৰ কৰি পুখুৰীৰ বান্ধকেইটা কাটি সুঁতিৰ পূৰ্বৰ মৰ্য্যদা ঘূৰাই অনাৰ চেষ্টা কৰা বুলিও জানিবলৈ দিয়ে অতিৰিক্ত আয়ুক্তগৰাকীয়ে।
উল্লেখযোগ্য যে, নগাঁৱৰ ধিঙৰ শালনাবড়ী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ হৈ মাগুৰমাৰি বিললৈকে প্ৰাকৃতিক ভাবে পানী চলাচলৰ সূতি আছিল । কিন্তু এই সূঁতি একাংশ বেদখলকাৰীয়ে বিভিন্ন ঠাইত বান্ধ বনাই পুখুৰী আৰু ফিচাৰি বনাই বেদখল কৰি আহিছে। চৰকাৰী মাটিৰ সুঁতি বন্ধ কৰি পুখুৰী নিৰ্মানেৰে মৎস্য পালন কৰি স্থানীয় গাঁৱৰ লোকসকলক কৃত্ৰিম বানৰ সৃষ্টি বিপদৰ সন্মুখলৈ ঠেলি দি আহিছে। যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই এলেকাৰ গাৱঁৰ ৰাইজৰ লগতে বাট-পথৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছিল।
আজিৰ পৰা আৰম্ভ হোৱা উচ্ছেদৰ ফলত বৃহত্তৰ এলেকাৰ কৃত্ৰিম বানৰ দৰে দীর্ঘদিনীয়া সমস্যৰ সমাধান হ’ব বুলি মত প্ৰকাশ কৰিছে স্থানীয় লোকে।
লগতে পঢ়ক: মধ্য অসমত তিনিদিনীয়াকৈও চলিব উচ্ছেদ, কিন্তু নাভাঙে ঘৰ বাৰী – Three Day Eviction Drive in Nagaon

