IndiGo Flight Disruption DGCA ReportIndiGo Flight Disruption DGCA Report: ইণ্ডিগ'ৰ পাইলটৰ কৰ্তব্যৰ নিয়ম উলংঘন সন্দৰ্ভত DGCA সমিতিৰ তদন্তৰ প্ৰতিবেদন দাখিল

নেশ্যনেল ডেস্ক: পাইলটৰ কৰ্তব্যৰ নিয়ম (FDTL norms) সঠিকভাৱে ৰূপায়ণ নকৰাৰ অভিযোগ সন্দৰ্ভত গঠন কৰা চাৰিজনীয়া সদস্যৰ তদন্ত সমিতিয়ে শুকুৰবাৰে তেঁওলোকৰ গোপন প্ৰতিবেদন দাখিল কৰিছে। ভাৰতৰ বিমান নিয়ামক সংস্থা ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশন (DGCA)-এ শুকুৰবাৰে এই কথা নিশ্চিত কৰে(IndiGo Flight Disruption DGCA Report)।

নতুন দিল্লীত DGCA-এ জনোৱা অনুসৰি, যুটীয়া সঞ্চালক প্ৰধান সঞ্জয় কে. ব্ৰহ্মানৰ নেতৃত্বত গঠিত তদন্ত কমিটিয়ে শুকুৰবাৰ সন্ধিয়া প্ৰতিবেদনখন DGCAৰ সঞ্চালক প্ৰধান ফৈজ আহমেদ কিদৱাইক দাখিল কৰে । অৱশ্যে, প্ৰতিবেদনখনৰ বিষয়বস্তু সম্পূৰ্ণৰূপে গোপনীয় বুলি উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, IndiGo Flight Disruption ৰ আধাৰত এই তদন্ত আৰম্ভ কৰা হৈছিল যেতিয়া চলিত মাহৰ আৰম্ভণিতে ইণ্ডিগ’ৱে বৃহৎ পৰিসৰত উৰণ বাতিল আৰু পলম কৰিছিল। ডিচেম্বৰৰ ১ তাৰিখৰ পৰা ৯ তাৰিখলৈকে ইণ্ডিগ’ৱে প্ৰায় ৪,২০০ ৰো অধিক উৰণ বাতিল কৰে, যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰীৰ যাত্ৰা ব্যাহত হয়।

তদন্ত কমিটীত ব্ৰহ্মানেৰ উপৰিও উপ-সঞ্চালক অমিত গুপ্তা, জ্যেষ্ঠ ফ্লাইট অপাৰেচন ইন্সপেক্টৰ কপিল মাংগলিক আৰু ফ্লাইট অপাৰেচন ইন্সপেক্টৰ লোকেশ ৰামপাল অন্তৰ্ভুক্ত আছিল (DGCA enquiry committee)।

DGCA-ৰ মতে, এই সংকটৰ মূল কাৰণ আছিল পাইলট ডিউটি সময়সীমা সন্দৰ্ভত সংশোধিত Flight Duty Time Limitation (FDTL regulations) সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ পিছত ইণ্ডিগ’ৰ ক্ৰু মেনেজমেণ্টত হোৱা ব্যৰ্থতা। নতুন নিয়ম অনুসৰি পাইলটৰ সাপ্তাহিক বিশ্ৰামৰ সময় বৃদ্ধি কৰা হয় আৰু নিশাৰ উৰণৰ অনুমোদিত ঘণ্টাৰ সংখ্যা সীমিত কৰা হয়, যাৰ বাবে বিমান সংস্থাসমূহে ক্ৰু ৰ’ষ্টাৰ পুনৰ সাজিব লগা হৈছিল (Pilot duty norms India)।

DGCA-এ আগতেই ইণ্ডিগ’ক এই নিয়মসমূহৰ বাবে প্ৰস্তুত হ’বলৈ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। তথাপিও, সংস্থাটোৱে ক্ৰুৰ উপলব্ধতা সঠিকভাৱে মূল্যায়ন নকৰা, সময়মতে প্ৰশিক্ষণ সম্পন্ন নকৰা আৰু ৰ’ষ্টাৰ পুনঃব্যৱস্থা নকৰাৰ ফলতেই এই বৃহৎ অপাৰেচনেল বিপর্যয় সৃষ্টি হোৱা বুলি অভিযোগ উঠে।

ডিচেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত ইণ্ডিগ’ৱে নিজেই স্বীকাৰ কৰিছিল যে সংশোধিত নিয়ম অনুসৰি পাইলটৰ প্ৰয়োজনীয়তা সঠিকভাৱে অনুমান কৰিব পৰা নাছিল আৰু FDTL নিয়মৰ মূল্যায়ন আৰু কাৰ্যকৰীকৰণত যথেষ্ট ব্যৱধান আছিল (IndiGo flight cancellations)।

DGCA-এ এইটোও উল্লেখ কৰে যে নৱেম্বৰ মাহতেই সকলো বিমান সংস্থাৰ ভিতৰত ইণ্ডিগ’ৱে সৰ্বাধিক উৰণ বাতিল কৰিছিল, যিয়ে সংস্থাটোৰ অভ্যন্তৰীণ তদাৰকি আৰু অপাৰেচনেল প্ৰস্তুতিৰ অভাৱ স্পষ্ট কৰিছিল।

যদিও IndiGo Flight Disruption DGCA Reportৰ সিদ্ধান্ত আৰু পৰামৰ্শ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই, তথাপিও এই প্ৰতিবেদন দাখিল কৰাটোৱে ইণ্ডিগ’ৰ ওপৰত নিয়ামক সংস্থাৰ নিৰীক্ষণৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

লগতে পঢ়ক: Viksit Assam Viksit Bharat: বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হ’ব: নৰেন্দ্ৰ মোডী


Advertisement