বকলিয়া: পুনৰ অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমত। ডাইনী সন্দেহত জ্বলাই হত্যা কৰা হৈছে এটা দম্পতিক (Witch Hunting Assam)। এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গাঁৱত।- Superstition-Driven Crime.
মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত। নিজৰ ঘৰৰ ভিতৰতেই থকা এটা দম্পতিক জীৱন্তে জ্বলাই দিয়ে একাংশ দুস্কৃতিকাৰীয়ে। ঘৰৰ ভিতৰতেই দম্পতিটো থকা অৱস্থাতে একাংশ লোকে ঘৰটোৰ ভিতৰত ডাইনী থকাৰ বুলি দাবী কৰি অগ্নিসংযোগ কৰি দিয়ে দুস্কৃতিকাৰীয়ে(Couple burnt alive Assam)।
ঘৰটোত অগ্নিসংযোগ কৰাৰ ফলত ঘৰটোৰ ভিতৰত থকা দম্পতিটো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। স্থানীয় এক সূত্ৰই প্ৰকাশ কৰা মতে এদল লোকে অন্ধবিশ্বাসৰ বলি হৈ ঘৰটোত অগ্নিসংযোগ কৰাৰ ফলত ঘৰটোৰ ভিতৰত থকা দম্পতিটোৰ মৃত্যু হয় (Witchcraft violence Assam)।
ঘটনাটো সংঘটিত হয় হাওৰাঘাটৰ বেলগুৰিৰ ১ নং মুণ্ডাগাঁৱত। ঘটনা সংঘটিত হোৱাৰ লগে লগেই সমগ্ৰ গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগেই স্থানীয় আৰক্ষী থানাৰ আৰক্ষী উপস্থিত। ডাইনী সন্দেহত এটা দম্পতিক জ্বলাই হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গাঁওখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে। এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে গাঁওখনত চেপা উত্তেজনা অব্যাহত থকা বুলিও জানিব পৰা গৈছে।
এই পৰ্যন্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই। আনকি এই প্ৰতিবেদন প্ৰস্তুত কৰা লৈকে ডাইনী সন্দেহত হত্যাৰ বলি হোৱা দম্পতিৰ নাম জানিব পৰা হোৱা নাই।
লগতে পঢ়ক: Assam STF Jihad Arrest: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম, উত্তৰ-পূৱ

