Nagaon HSLC Result 2026: DC Issues Strong Warning Over Poor Performance in 39 Schoolsনগাঁৱৰ ৩৯ খনকৈ বিদ্যালয়ৰ মেট্ৰিকৰ ফলাফলক লৈ তীব্ৰ অসন্তুষ্টি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁওঃ “ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ বহু পৰিমাণে বেছি দৰমহা লাভ কৰিও ছাত্ৰ ছাত্ৰীৰ ফলাফল উন্নত কৰিব নোৱাৰা বিদ্যালয়ৰ দায়িত্ব স্বীকাৰ কৰিব লাগিব প্ৰধান শিক্ষকে। ছাত্ৰ ছাত্ৰীক গঢ় দিয়াৰ দায়িত্ব ল’ব লাগিব প্ৰধান শিক্ষকে। ফলাফল বেয়া হোৱা প্ৰধান শিক্ষকক কৰা হ’ব বদলি।” এইদৰে মেট্ৰিকত শোচনীয় ফলাফল হোৱা নগাঁৱৰ ৩৯ খনকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি সকিয়নী প্ৰধান কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূণ্য আৰু ৩০ শতাংশতকৈ কম উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি সকিয়নি প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত ফলাফল উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে (Nagaon HSLC Result 2026)।

শূণ্য ফলাফল

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ তিনিখনকৈ বিদ্যালয়ত দহগৰাকীতকৈ অধিক শিক্ষক থকাৰ পাছতো উত্তীৰ্ণৰ হাৰ হৈছে শূণ্য শতাংশ। শূণ্য শতাংশ উত্তীৰ্ণ হোৱা বিদ্যালয়কেইখন হৈছে- নগাঁৱৰ পূৱ ননৈ মাধৱ কন্দলি হাইস্কুল, আমনি তিনিআলি মাধৱদেৱ হাইস্কুল আৰু শিঙৰী হাইস্কুল। ইয়াৰে পূৱ ননৈ মাধৱ কন্দলি হাইস্কুলৰ পৰা ৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও এগৰাকীও হোৱা নাই উত্তীৰ্ণ। সমান্তৰালকৈ আমনি তিনিআলি মাধৱদেৱ হাইস্কুলৰ পৰা ১৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণৰ হাৰ শূণ্য। একেদৰে ২৪ গৰাকীকৈ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হোৱা শিঙৰী হাইস্কুলৰ পৰাও উত্তীৰ্ণ হোৱা নাই এগৰাকী ছাত্ৰ ছাত্ৰীও।

দহ শতৈংশতকৈ কম উত্তীৰ্ণ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁৱৰ চাৰিখনকৈ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হৈছে দহ শতাংশতকৈ কম। বিদ্যালয়কেইখন হৈছে- কেলেডিন চাহ বাগিচাৰ মুক্তিযুদ্ধা নবীনচন্দ্ৰ ভূমিজ আদৰ্শ হিদ্যালয়, সূতাৰগাঁও পাব্লিক হাইস্কুল, চন্দ্ৰমোহন গুঞ্জু আদৰ্শ বিদ্যালয় আৰু ভেলগুৰি আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰোপৰি ৩২ খনকৈ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হৈছে ৩০ শতাংশতকৈ কম।

মেট্ৰিকত শোচনীয় ফলাফল প্ৰদৰ্শন কৰা নগাঁৱৰ ৩৯ খনকৈ হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰধান শিক্ষকক তলব কৰি সকীয়নী প্ৰদান কৰে। মেট্ৰিকৰ ফলাফল বেয়া হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি বৃহস্পতিবাৰে নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তৰ উপস্থিতিত ফালফল শোচনীয় হোৱাৰ কাৰণ দাঙি ধৰাৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। ফলাফল বেয়া হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলিৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয়সমূহৰ পৰিদর্শকক নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে।

ফালফল শোচনীয় হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি বৃহস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই একপ্ৰকাৰ সকিয়নী প্ৰদান কৰি কয়, “ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ বহু পৰিমানে অধিক দৰমহা দিয়া হয়। গতিকে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গঢ় দিবই লাগিব। মেট্ৰিকৰ ফলাফলক লৈ নগাঁও জিলা আয়ুক্ত হিচাপে মই লাজ পাইছো। নগাঁও জিলাখন যদি মই ভালকৈ চলাব নোৱাৰো তেন্তে মই জিলা আয়ুক্ত হৈ থকাৰ যোগ্যতা নাই, আপোনালোকৰ ক্ষেত্ৰতো একেই। বিদ্যালয়ৰ শোচনীয় ফলাফলৰ বাবে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে দায়িত্ব ল’ব লাগিব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সকলোৱে নিষ্ঠাৰে কৰ্তব্য পালন কৰিব লাগিব। ”

উত্তীৰ্ণৰ হাৰ শূণ্য নগাঁৱৰ তিনিখন বিদ্যালয়ৰ লগতে শোচনীয় ফলাফল প্ৰদৰ্শন কৰা আন ৩৬ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি সকিয়নী প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত ভাল ফালফলৰ বাবে নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈয়ো আহ্বান জনায় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহঃ শিক্ষকৰ সন্মিলিত প্ৰচেষ্টাত পৰৱৰ্তী সময়ত প্ৰতিখন বিদ্যালয়তে শৈক্ষিক পৰিৱেশ গঢ়ি তুলি সুন্দৰ ফালফলৰে ছাত্ৰ ছাত্ৰীৰব ভৱিষ্যত গঢ়ি তোলাৰ বাবেও আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে।

লগতে পঢ়কঃ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰঙালী বিহু অনুষ্ঠান উদ্বোধন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ


Advertisement