Abhi-Neel Lynching Case Verdict: 20 Convicted Sentenced to Life Imprisonmentঅভি-নীল হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত ২০ জনক যাৱজ্জীৱন কাৰাদণ্ড

নগাঁওঃ অভি-নীল হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা ২০ জন লোকক নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি যাৱজ্জীৱন কাৰাদণ্ড বিহে। ইয়াৰ লগতে আদালতে লোককেইজনৰ প্ৰত্যেককে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে । আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশে দিয়া ৰায়ত উল্লেখ থকা মতে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা ২০ জন লোকক ভাৰতীয় দণ্ডবিধিৰ ৩০২/১৪৯ ধাৰাত আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে (Abhi-Neel Lynching Case Verdict)।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা দোষী কেইজন হৈছে বিশ্ব ৰাম স্বৰ্গীয়াৰী, পান্থেং বসুমতাৰী, এলফাজ’জ টিমুং, ইনচেন ইংতি, ৰাইকম টিমুং, ৰত্নেশ্বৰ টেৰং, ফুকন লেখটে,এনচ টিমুং, প্ৰেছ টিমুং, ৰূপসিং ক্ৰ’,ধন মেছ, বাবু সিং ক্ৰ’, বিক্ৰম হান্সে, চিকাৰী ৰংপি,বাবু ৰংপি,বিদ্যাসিং ৰংপি,মেন্সিং ক্ৰ’, দীপজ্যোতি বসুমতাৰী,ৱাৰেছ ৰংপি আৰু ওণ্ডা মেছ। মহামান্য আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ সমান্তৰালভাৱে তেওঁলোকক অতিৰিক্ত ৬ মাহ, তিনি মাহ, ১ বছৰ, দুবছৰৰ কাৰাদণ্ড বিহিছে।

উল্লেখযোগ্য যে যোৱা ২০ এপ্ৰিলত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল। ৮ বছৰ সম্পূৰ্ণ হ’বলৈ কেইটামান মাহ বাকী থকা অৱস্থাত নগাঁও আদালতে ২০ এপ্ৰিলত চূড়ান্ত ৰায় প্ৰদান কৰিছিল। আদালতে ৪৫ জন অভিযুক্তৰ ২৫ জনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে ২০ জনক ভাৰতীয় দণ্ডবিধিৰ ১৪৩,১৪৭,৩০২/১৪৯, ১৮৬/১৪৯ আৰু ৩৩২/১৪৯ ধাৰাত দোষী সাব্যস্ত কৰিছিল। অৱশ্যে দোষী সাব্যস্ত কৰা কেইজনক সেইদিনা আদালতে কি শাস্তি তেওঁলৈকে লাভ কৰিব সেই বিষয়ে ঘোষণা কৰা নাছিল। আজি নগাঁও আদালতে দোষী সাব্যস্ত হোৱা ২০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

কি কলে দুয়োপক্ষৰ অধিবক্তাই

আদালতৰ ৰায়ৰ পিছতে দোষী সাব্যস্ত হোৱা লোককেইজনৰ পক্ষৰ অধিবক্তা মানস শৰণীয়াই নিজৰ অসন্তুষ্টি ব্যক্ত কৰি সাংবাদিকৰ আগত কয়, আমি উচ্চ ন্যায়ালয়ত এই ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন কৰিম। কাৰণ যি কেইজনক দোষী সাব্যস্ত কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে ৩০২ ধাৰা সন্নিবিষ্ট কৰাৰ কোনো সমল নাই বুলি আমি ভাবো। দোষী সাব্যস্ত হোৱা লোক কেইজনৰ অভি-নীলক হত্যা কৰাৰ কোনো অভিপ্ৰায় নাছিল। আমি সেয়ে ৩০২ ধাৰাৰ সলনি ৩০৪ পাৰ্ট ২ ধাৰা সন্নিবিষ্ট কৰিবলৈ আবেদন কৰিম।

শৰণীয়াই উচ্চ ন্যায়ালয়ত আবেদনৰ লগতে দোষী সাব্যস্ত হোৱা লোক কেইজনৰ জামিনৰ আবেদনো তেওঁলোকে কৰিব। কাৰণ দোষী সাব্যস্ত হোৱা লোক কেইজন ইতিমধ্যেই প্ৰায় ৮ বছৰ কাৰাবন্দী হৈ আছে। সেয়ে তেওঁলোকে জামিন লাভ কৰিব পাৰে। শৰণীয়াই লগতে কয়, ৰূপসিং ক্ৰ’ নামৰ লোকজনৰ লগত শিল পোৱা গৈছে বুলি কোৱা হৈছে যদিও সেইটো প্ৰমাণিত হোৱা নাই।

তদুপৰি এই শিলত লাগি থকা তেজো অভি-নীলৰ হয় নে নহয় সেই সম্পৰ্কে প্ৰয়োজনীয় পৰীক্ষা কৰা হোৱা নাই। তেওঁ কয়, আৰক্ষীয়ে বহু সাক্ষীক ভয় খোৱাই সাক্ষ্যদান কৰিছিল। আমি যি ২৫ জন দোষমুক্ত হল সেই সকলৰ আলমলৈ আৰক্ষীৰ বিৰুদ্ধেও এক গোচৰ তৰিম। শৰণীয়াৰ মতে আদালতে দোষী সাব্যস্ত কৰা ২০জনৰ ভিতৰত ১৩ জন নিৰ্দোষী। বাকী ৭ জন হত্যাৰ স্থানত উপস্থিত আছিল যদিও তেওঁলোকৰ হত্যাৰ অভিপ্ৰায় নাছিল।

ইপিনে চৰকাৰী অধিবক্তা জিয়াউল কামাৰে কয়, ” আমি দোষী কেইজনক ফাঁচী দিয়াটো বিচাৰিছিলো। কিন্তু আদালতে এইটো বিৰল গোচৰ নহয় বুলি মন্তব্য কৰি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। তেওঁ আদালতৰ ৰায়ত সন্তুষ্ট নহয় বুলি মন্তব্য কৰে।

অসন্তুষ্ট অভি-নীলৰ পিতৃদ্বয়

নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ত সুখী নহয় বুলি মন্তব্য কৰে অভি-নীলৰ পিতৃদ্বয়ে । তেওঁলোকে কয়, আদালতে সকলো দোষীকে একে শাস্তি প্ৰদান কৰিলে। আমি যি কেইজন মূল দোষী, যি কেইজনে ষড়যন্ত্ৰ কৰি অন্য সকলক প্ৰৰোচিত কৰিছিল তেওঁলোকক উচ্চ পৰ্যায়ৰ শাস্তি দিয়াটো বিচাৰিছিলো। সেই শাস্তি হৈছে মৃত্যুদণ্ড। তেওঁলোকে কয়, চৰকাৰী পক্ষৰ অধিবক্তাই এলফাজ’জ টিমু্ং আৰু ৰূপসিং ক্ৰ’ৰ মৃত্যুদণ্ড বিচাৰি যুক্তি প্ৰদৰ্শন কৰিছিল। কিন্তু আদালতে তেওঁলোককো অন্য সকলৰ লগতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। এলফাজ’জ টিমু্ং আৰু ৰূপসিং ক্ৰ’ৱে অন্য দোষীসকলক সংঘবদ্ধ কৰাই হত্যাকাণ্ডটো সংঘটিত কৰিছিল। নিলোৎপল দাসৰ মূৰত এটা প্ৰকাণ্ড শিল মাৰি দিছিল।

কি ঘটিছিল ঘটনাটো

উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী তেজাল যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক হত্যা কৰিছিল । এই হত্যাকাণ্ডৰ গোচৰ ২০১৮ চনৰ ৪ চেপ্তেম্বৰত পৰা নগাঁও আদালতত চলি আছিল। আজি নগাঁও আদালতে নগাঁও অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰি দোষী সাব্যস্ত হোৱা ২০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

লগতেঃ আঠ বছৰত ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান


Advertisement