নগাঁওঃ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ বাবে ছেবা-কাউঞ্চিলৰ অধীনত কৰিব লগা পঞ্জীয়নৰ নামত অবিভক্ত নগাঁও জিলাৰ একাংশ চৰকাৰী, ভেঞ্চাৰ আৰু অনুমতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে বিভাগীয় অনুমতি লাভ নকৰা একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে মিলি দীৰ্ঘদিন ধৰি ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে (Nagaon School Registration Scam)। উত্থাপিত অভিযোগ অনুসৰি, চৰকাৰী অনুমতি নথকা বিশেষকৈ অগ্ৰিম অনুমতি, ডাইচ ক’ড, চেবা ক’ড আদি নথকা জিলাখনৰ একাংশ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানে নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছেবা আৰু কাউঞ্চিলৰ অধীনৰ একাংশ বিদ্যাৰ্থীয়ে পঞ্জীয়ন লাভ কৰি আছে।
প্ৰাপ্ত তথ্য অনুসৰি, অসম মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে দুবছৰ পূৰ্বেই জাৰি কৰা ই-৫০৩১৬৬/২ নম্বৰৰ নিৰ্দেশ যোগে ছেবা ক’ড আৰু ডাইচ ক’ড নথকা কোনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন নকৰিবলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকক ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা হৈছে। আনকি, যদিহে এনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন কৰিলে, সেই সমুহ বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিয়া হয়। তদুপৰি, এনে ছাত্ৰ-ছাত্ৰীক বিভাগে অবৈধ ঘোষণা কৰা হ’ব বুলিও সকিয়াই দিয়ে। ইমানৰ পিছতো বিভাগীয় সঞ্চালকৰ নিৰ্দেশনাক ভেঙুচালি কৰা একাংশ ভেঞ্চাৰ আৰু স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ব্যাপক ধনৰ বিনিময়ত বিভাগীয় অনুমতিবিহীন একাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ নৱম শ্ৰেণীৰ পঞ্জীয়ন কাৰ্য অব্যাহত ৰাখিছে।
এই বিষয়ে অৱগত হোৱাত সঞ্চালক গৰাকীয়ে খৰ্গহস্তহৈ পুণৰ একেটা নিৰ্দেশনা পত্ৰ শেহতীয়াকৈ পুণৰ জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অতি আচৰ্যজনক বিষয় এই যে ছেবা ক’ড অথবা চৰকাৰী অনুমতি নথকা ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয় সমুহৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ নামত নিৰ্দিষ্ট ৩০০ টকাৰ পৰিবৰ্তে অধিক পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। একাংশ শিক্ষানুষ্ঠানে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা এক হাজাৰ টকা পৰ্যন্ত ধন আদায় কৰাৰ অভিযোগ উঠিছে। অন্যহাতেদি একেদৰে একাংশ অনুমতিবিহীন ছিনিয়ৰ চেকেণ্ডৰী পৰ্যায়ৰ শিক্ষানুষ্ঠানে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ কাৰণে প্ৰয়োজনীয় “দৰ্পন প’ৰ্টেল”টোৰ ক্ষেত্ৰত একাংশ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কাষ চাপিছে।
ইপিনে, এই কাৰ্যত জৰিত চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমুহৰ কৰ্তৃপক্ষই ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নিজা শিক্ষানুষ্ঠানৰ নিয়মিত ছাত্ৰ-ছাত্ৰী বুলি উল্লেখ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। আনহাতে, নৱম শ্ৰেণীত পঞ্জীয়ন কৰা সেই নিৰ্দিষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত একাংশ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানে চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ লগত মিলি সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটো দুৰ্নীতি।
একাংশ শিক্ষানুষ্ঠানে নৱম শ্ৰেনীৰ বাবে ছেবাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দিষ্ট ৩০০ টকাৰ ঠাইত ১০০০ টকা পৰ্যন্ত আদায় কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। আনহাতে, একাংশ বিদ্যালয়ে কিতাপ পত্ৰ ক্ৰয়ৰ নামত প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰি আহিছে যদিও চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰা বিনামূলীয়া কিতাপ পত্ৰ ছাত্ৰ-ছাত্ৰী সকলক বিনামুলীয়াকৈ যোগান নধৰাৰ অভিযোগো আছে। এনে একাধিক অভিযোগৰ ভিত্তিত নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে যোৱা বৰ্ষত এক নিৰ্দেশ যোগে চৰকাৰী শিক্ষানুষ্ঠান সমুহক বিভাগীয় অগ্ৰিম অনুমতি লাভ নকৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছেবাৰ পঞ্জীয়ন আবেদন নকৰিবলৈ জনাইছিল যদিও পৰৱৰ্তী সময়ত সেই নিৰ্দেশ কাৰ্যকৰী নহ’ল।
কিন্তু অধিকাংশ ব্যক্তিগত শিক্ষানুষ্ঠানে তেওঁলোকৰ পৰ্যাপ্ত যোগ্যতাৰ অভাৱত অগ্ৰিম অনুমতি লাভ কৰিবলৈ সক্ষম নহ’ল। জানিব পৰা মতে, ছেবা ক’ড নাইবা ডাইচ ক’ডতো দূৰৈৰ কথা নগাঁও জিলাত প্ৰায় চাৰি শতাধিক ব্যক্তিগত শিক্ষানুষ্ঠানে আজি পৰ্যন্ত বিভাগীয় অগ্ৰিম অনুমতি লাভ নকৰাকৈ চৰকাৰী নীতি নিয়ম উলংঘা কৰি চলাই আছে। এই ক্ষেত্ৰত জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ৰহস্য জনক ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।
লগতে পঢ়কঃ ইতিহাস ৰচি নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন নিৰ্বাচন

