গুৱাহাটীঃ ২৯ এপ্ৰিলত বিভিন্ন টি ভি চেনেলে প্ৰকাশ কৰা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বানুমান প্ৰকৃত নহয় বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদে(Assam Exit Poll 2026)। আজি এক সংবাদমেলত পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাই উল্লেখ কৰে যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাকমুহূৰ্তত কালি বিভিন্ন টিভি চেনেলে প্ৰকাশ কৰিছ এক্সিট পোল। তাত শাসক দল বিজেপি মিত্ৰজোটে নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কোৱা হৈছে।
কিন্তু ইতিহাসে সাক্ষী — ১৯৯৬ চনৰ পৰা এতিয়ালৈকে ভাৰতত অনুষ্ঠিত নিৰ্বাচনসমূহত এক্সিট পোলৰ বিফলতাৰ হাৰ ৫৭ শতাংশতকৈও অধিক। অৰ্থাৎ প্ৰতি দুটা এক্সিট পোলৰ ভিতৰত এটাতকৈ বেছি ভুল প্ৰমাণিত হৈছে।
উদাহৰণ দাঙি ধৰি তেওঁলোকে কয় যে ২০০৪ চনৰ লোকসভা নিৰ্বাচন: প্ৰায় সকলো এক্সিট পোলে বিজেপিৰ ‘ইণ্ডিয়া শ্বাইনিং’ প্ৰচাৰৰ ফলাফল মৰ্মে এন ডি এৰ সহজ জয়ৰ পূৰ্বানুমান কৰিছিল; কিন্তু প্ৰকৃত ফলাফলত এন ডি এ মাত্ৰ ১৮১ আসন পায় আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এই চৰকাৰ গঠন কৰে। সেইটো আছিল ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সৰ্ববৃহৎ এক্সিট পোল বিফলতা।
একেদৰে ২০১৪ লোকসভা নিৰ্বাচনত এক্সিট পোলে বিজেপিৰ সংকীৰ্ণ জয় আৰু একক সংখ্যাগৰিষ্ঠতা নাপাব বুলি কৈছিল; কিন্তু বিজেপিয়ে ২৮২ আসন লাভ কৰি ১৯৮৪ৰ পিছত প্ৰথমবাৰৰ বাবে এটা দলে একক সংখ্যাগৰিষ্ঠতা পালে। এক্সিট পোল যে কেৱল এটা অনুমানহে, সেইটো প্ৰমাণ হ’ল।
২০২৪ লোকসভা নিৰ্বাচনত বেছিভাগ এক্সিট পোলে এন ডি এৰ ‘৪০০ পাৰ’ৰ শ্লোগানক সত্য বুলি কৈ মোদী চৰকাৰৰ বিশাল জয়ৰ পূৰ্বানুমান কৰিছিল; কিন্তু বিজেপিয়ে ২০০ আৰু এন ডি এ ২৯৩ আসনতে সীমাবদ্ধ হয়, বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালে আৰু বিৰোধীৰ শক্তি বহুত বাঢ়িল।
ৰাজ্য বিধানসভা নিৰ্বাচনতো একেই কাহিনী বুলি উল্লেখ কৰি তেওঁলোকে কয়, দিল্লীত ২০১৫ চনত আপৰ কোনোমতে জয় হ’ব বুলি ধৰা হৈছিল, কিন্তু ৭০ৰ ভিতৰত ৬৭ আসনৰ ঐতিহাসিক জয়ৰ কথা কোনেও অনুমান কৰিব পৰা নাছিল। এক্সিট পোলৰ সম্পূৰ্ণ বিফলতা। বিহাৰত ২০২০ চনত এক্সিট পোলে বিৰোধীৰ জয়ৰ পূৰ্বানুমান কৰিছিল, কিন্তু শেষ মুহূৰ্তত এন ডি এ জয়ী হ’ল।
পশ্চিমবঙ্গত ২০২১ চনত এক্সিট পোলে বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা দেখুৱাইছিল; কিন্তু তৃণমূল কংগ্ৰেছে সহজে সংখ্যাগৰিষ্ঠতা লাভ কৰে। এক্সিট পোলত বিজেপিৰ শক্তি অতিৰঞ্জিতভাৱে দেখুওৱা হৈছিল। এক্সিট পোলৰ পক্ষপাতিত্ব স্পষ্ট হ’ ল।
হিমাচল প্ৰদেশত ২০২২ চনত বেছিভাগ এজেন্সিয়ে বিজেপিৰ জয়ৰ পূৰ্বানুমান কৰিছিল, কিন্তু কংগ্ৰেছে সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰে — কোনো কোনো এজেন্সিয়ে ভুল বিজয়ীৰ নাম ঘোষণা কৰিছিল।-গোৱাত ২০২২ চনত বেছিভাগে কৈছিল বিজেপি হাৰিব, কিন্তু বাস্তৱত বিজেপিয়ে ক্ষমতা ধৰি ৰাখে।
তেওঁলোকে কয়, “এক্সিট পোলত বাৰে বাৰে ভুল হোৱাৰ আঁৰত কেৱল পদ্ধতিগত ত্ৰুটিয়েই নহয়, কিছুমান গভীৰ ৰাজনৈতিক, বাণিজ্যিক আৰু মিডিয়া-সংক্ৰান্তীয় স্বাৰ্থয়ো কাম কৰে।
অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে উল্লেখ কৰে,ৰাষ্ট্ৰীয় পৰ্যায়ত গোদী মিডিয়াৰ উপস্থিতিৰ কথা সৰ্বজনবিদিত। শাসক দলৰ সপক্ষে জনমত সৃষ্টি কৰিবলৈ অনুকূল ফলাফল দেখুৱাই ‘ৱেভ’ বা ‘ঢৌ’ৰ আবেগ তৈয়াৰ কৰা হয়, যাতে কাউন্টিং এজেন্ট, চৰকাৰী বিষয়া-কৰ্মচাৰী আদি প্ৰভাৱিত হয়। এয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত পৰিকল্পিত আক্ৰমণ।
তদুপৰি বৃহৎ মিডিয়া গোটসমূহ চৰকাৰী বিজ্ঞাপন, লাইচেঞ্চ নবীকৰণ আৰু কৰ্পৰেট বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল। গতিকে শাসক দলৰ অনুকূলে ফলাফল দেখুওৱাত তেওঁলোকৰ আৰ্থিক স্বাৰ্থ নিহিত থাকে।
চাঞ্চল্যকৰ পূৰ্বানুমানে বেছি দৰ্শক আকৰ্ষণ কৰে আৰু টি আৰ পি বৃদ্ধি পায় বুলি উল্লেখ কৰি তেওঁলোকে কয়, ‘৪০০ পাৰ’ বা ‘অভূতপূৰ্ব বিজয়’ৰ দৰে শিৰোনাম দিলে মানুহে বেছি চায়, বিজ্ঞাপনৰ মূল্য বাঢ়ে। এয়া এক সুচিন্তিত বাণিজ্যিক কৌশল।
অন্যহাতেদি গ্ৰামাঞ্চল আৰু প্ৰান্তীয় শ্ৰেণীৰ বহু ভোটাৰে নিজৰ প্ৰকৃত পছন্দ প্ৰকাশ কৰিবলৈ সংকোচ বোধ কৰে। শাসক দলৰ বিৰুদ্ধে কৰা ভোটদান গোপন ৰখাৰ প্ৰৱণতাই (Social Desirability Bias) এক্সিট পোলক সদায় বিপথে নিয়ে।
এইবাৰ অসমত ‘অসম’ মিত্ৰজোণঁটৰ চৰকাৰ হব বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ৰ মন্তব্য এইবাৰ বিৰোধীপক্ষ সু-সংঘবদ্ধ, কিন্তু বিজেপি মিত্ৰজোটহে বিভাজিত। বিজেপিৰ অভ্যন্তৰত চিপৰাং আৰু গাড্ডাৰ ৰাজনীতিৰ পয়োভৰ। তৃণমূলত অধিষ্ঠানবিৰোধী ঢৌ অতি প্ৰবল আছিল।
বিজেপি আৰু মিত্ৰজোটৰ চিপৰাং ৰাজনীতিয়ে জনমানসত বিস্তৰ ক্ষতি কৰিছে। এই বাস্তৱতা কোনো এক্সিট পোলে ধৰিব পৰা নাই।
গুৱাহাটী বা দিল্লীৰ এ চি ৰূমত বহি এইবাৰ অসমত হোৱা ভোটগ্ৰহণৰ বাস্তৱতা বা ৰাইজৰ মনৰ খবৰ লোৱাটো সম্ভৱপৰ নহয়। এইবাৰ ৰাইজে কাৰো প্ৰভাৱত ভোট দিয়া নাই, নিজৰ বিবেকক সুধি ভোট দিছে। প্ৰকৃত জনমত আৰু এক্সিট পোলৰ মাজত থকা বিস্তৰ পাৰ্থক্য এইবাৰো দেখা যাব। এক্সিট পোল আৰু প্ৰকৃত ফলাফলৰ মাজৰ ব্যৱধানেই হ’ব এইবাৰৰ ৰাজনৈতিক বাস্তৱতাৰ দাপোণ।
সংবাদমেলত তেওঁলোকে উল্লেখ কৰে অসম জাতীয় পৰিষদে দৃঢ়ভাৱে বিশ্বাস কৰে অসমৰ ৰাইজে এইবাৰ প্ৰকৃত পৰিৱৰ্তনৰ বাবে ৰায় দিছে আৰু সেই ৰায় কোনো এক্সিট পোলে পূৰ্বে সঠিকভাৱে অনুমান কৰিব পৰা নাই।
এক্সিট পোল সংবাদ মাধ্যমৰ কেৱল এটা শ্ব’হে, ই কোনো নিৰ্বাচনী ফলাফল নহয়। ই এক্সিট পোলহে, এক্সেক্ট পোল নহয়। প্ৰকৃত জনমত ৰাইজৰ হাতত, ই ভি এমত বন্দী। ৪মে’ত সেয়া ৰাইজৰ আগত প্ৰকাশ পাব।
লগতে পঢ়কঃ বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পল প্ৰকাশ

