May Day Celebration Assam: Call for United Workers’ Movement in Dhingসদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ মে' দিৱস উদযাপন

নগাঁওঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ যৌথ আহ্বানত ধিং লহকৰ মিলন চাৰিআলিত ১মে’ আন্তৰ্জাতিক শ্রমিক দিৱস উপলক্ষে এখনি মুকলি সভা অনুষ্ঠিত হয় (May Day Celebration Assam)।বৰালিমাৰী এম.ই. স্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক আব্দুছ শোভানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে খণ্ডকাৰ ৰঞ্জক আহমেদে । সভাত গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ অন্যতম আহ্বায়ক উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য ফজলুল হক মৰলে ভাষণ প্ৰসংগত কয় যে বৰ্তমান চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি শ্রমিক শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ চেতনাক ভোটা কৰি তুলিছে ।

এই অবস্থাৰ অৱসান কৰিবলৈ সকলোকে সংগঠিত হবলৈ আহ্বান জনাই অন্যথা এচাম অধিকাৰহীন মানুহৰহে সৃষ্টি হ’ব বুলি তাৎপর্য্য পূর্ণ মন্তব্য কৰে । মঞ্চৰ আনজন আহ্বায়ক কুজিডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য মৃদু পৱন বৰাই স্বৰচিত সংগ্রামী কবিতা পাঠ কৰে আৰু ভাষণ প্ৰসংগত কয় সম্প্ৰতিক দেশৰ শাসক বর্গই দেশৰ সংবিধান আৰু গণতন্ত্ৰক নিঃশেষ কৰিবৰ বাবে যি পৰিকল্পনা যুগুতাইছে ইয়াক প্রতিৰোধ কৰাৰ ক্ষমতাৰ বৃহৎ শক্তি নিহিত হৈ আছে শ্রমিক শ্ৰেণীৰ মাজতেই । সেয়ে আজি ঐক্যবদ্ধ শ্রমিক আন্দোলন শক্তিশালী কৰিতোলাতো সময়ৰ জৰুৰী আহ্বান।

সভাত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই অংশগ্ৰহণ কৰি কয় বৰ্তমান আমাৰ দেশ কর্প’ৰেট নিয়ন্ত্ৰিত দেশ।কর্প’ৰেট নিয়ন্ত্ৰক অধিক মজবুত কৰিবৰ বাবে দুখীয়া কৃষিজীবি , শ্রমজীবি আৰু সংগঠিত শ্ৰমিক শ্ৰেণীৰ বিৰুদ্ধে অহৰহ অৰ্থনৈতিক আৰু ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছে। গতিকে এতিয়া ইয়াৰ একমাত্ৰ উত্তৰ হ’ব ঐক্যবদ্ধ হোৱা আৰু দৃঢ় প্রতিৰোধৰ বাবে সংগঠন গঢ়ি তোলা আৰু জন সচেতনতা বৃদ্ধি কৰাৰ আহ্বান জনায়।

সভাত লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী, ৰফিকুল ইছলাম, আহেদ আলী আৰু আবুল কাসেমকে ধৰি ইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে বুলি বিবৃতিত উল্লেখ কৰে। লগতে উল্লেখ কৰে যে সভাত মহিদুল ইছলামক সভাপতি আৰু মুচাৰফ হুছেইনক সম্পাদক হিচাপে লৈ গ্ৰামীণ শ্ৰমিক সন্থাৰ পোন্ধৰজনীয়া লহকৰ পঞ্চায়ত সমিতি গঠন কৰা হয়। সভাত দুই শতাধিক লোকৰ অংশগ্ৰহণ আছিল উল্লেখযোগ্য। সভাত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ধিং লহকৰ পঞ্চায়ত সমিতিৰ সম্পাদক মহিদুল ইছলামো উপস্থিত থাকে।

লগতে পঢ়কঃ ব্যতিক্ৰমী কাৰ্যসূচীৰে মে’ দিৱস পালন নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ


Advertisement