ভোট গণনাৰ প্ৰস্তুতিকলৈ নগাঁও জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতাভোট গণনাৰ প্ৰস্তুতিকলৈ নগাঁও জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

নগাঁও: ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ সাতোটা বিধানসভা সমষ্টিৰ ভোট গণনা অহা ৪ মে’ত সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। আজি মুখ্য নিৰ্বাচন বিষয়াৰ ভ্ৰমণৰ পিছতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত নিৰাপত্তা সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় (Nagaon Vote Counting Preparation 2026)।

সভাত ভোট গণনাৰ প্ৰক্ৰিয়াটো তিনিওটা কেন্দ্ৰতে শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত এই কথা স্পষ্ট কৰি দিয়া হয় যে, ভোট গণনা কেন্দ্ৰত কোনেও মোবাইল ফোনলৈ প্ৰৱেশ কৰিব নোৱাৰিব। গণনা কেন্দ্ৰৰ চৌপাশে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ’ব। যথাবিধি অনুমতি পত্ৰ লাভ কৰা বিষয়া-কৰ্মচাৰী, নিৰ্বাচনী এজেণ্ট আৰু সাংবাদিকৰ বাহিৰে আন লোকৰ গণনা কেন্দ্ৰত প্ৰৱেশ সম্পূৰ্ণ বাৰণ কৰা হৈছে।

জিলা আয়ুক্ত শৰ্মাই সকলোকে যথা সম্ভৱ শীতল মস্তিষ্কৰে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰামৰ্শ আগবঢ়াই যদিও প্ৰয়োজনীয় সময়ত কঠোৰ হোৱাৰো পোষকতা কৰে। লগতে জনতাৰ বাবে নিৰ্বাচনৰ ফলাফল বা গণনাকলৈ কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহ’বলৈ জনসংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়া, জিলা উন্নয়ন আয়ুক্ত দেৱাযানী চৌধুৰী, সকলো সমষ্টিৰ ৰিটাৰ্নিং বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষকসকল, সকলো ৰাজহ চক্ৰ বিষয়া, জিলাখনত নিয়োজিত হৈ থকা কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী চিআৰপিএফ, এছ এছ বি আৰু আইটিবিপিৰ জ্যেষ্ঠ বিষয়াসকল, জিলা তথ্য আৰু জনসংযোগ বিষয়া, সহকাৰী আয়ুক্তসকল আৰু উপ আৰক্ষী অধীক্ষক আদি উপস্থিত থাকে।

লগতে পঢ়কঃ নগাঁৱৰ ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন মুখ্য নিৰ্বাচনী বিষয়াৰ


Advertisement