India Drops 6 Ranks in World Press Freedom Index 2026সংবাদ মাধ্যমৰ স্বাধীনতা সূচীঃ ৬ টা স্থান তললৈ নামিল ভাৰত

নিউজ ডেস্কঃ বৃহস্পতিবাৰে বিশ্ব সংবাদ মাধ্যম স্বাধীনতা সূচী অৰ্থাৎ world press freedom index (WPFI) প্ৰকাশ পাইছে। বিশ্বৰ ১৮০ খন দেশত সংবাদ মাধ্যমৰ স্বাধীনতা কেনেধৰণৰ তাৰ ওপৰত চলোৱা সমীক্ষা অনুযায়ী এই সূচী প্ৰকাশ কৰিছে ৰিপৰ্টাৰচ উইডাউট বৰ্ডাৰ (RWF) নামৰ সংগঠনটোৱে (World Press Freedom Index India 2026)। ফৰাচী ভাষাত সংগঠনটোৰ নাম ৰিপৰ্টাৰচ চেনচ ফ্ৰন্টিয়াৰ (RSF) ।

কি এই ৰিপৰ্টাৰচ চেনচ ফ্ৰন্টিয়াৰঃ

আৰ এচ এফ এটা বেচৰকাৰী সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে পেৰিছত। ১৯৮৫ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৰ প্ৰতিষ্ঠাপক আছিল ৰবাৰ্ট মেনাৰ্ড, ৰেমি লৌৰি, জাক মোলেনা আৰু এমিলিয়েন জুবিনো । সংগঠনটোৰ বৰ্তমান ১৩ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক কাৰ্যালয় আছে।

ভাৰতৰ স্থানঃ

বিশ্ব সংবাদ মাধ্যম স্বাধীনতা সূচীত ১৮০ খন দেশৰ ভিতৰত এইবাৰ ভাৰতবৰ্ষৰ স্থান ১৫৭ নম্বৰত। ২০২৫ চনত ভাৰতৰ স্থান আছিল ১৫১ নম্বৰত। ভাৰতৰ ৬টা স্থান অবনমিত হয়।সমীক্ষাটোত ৰিপ’ৰ্টাৰছ উইডাউট বৰ্ডাৰে প্ৰকাশ কৰা অনুসৰি ভাৰতত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত ন্যায়িক হাৰাশাস্তি অধিক তীব্ৰ হৈ উঠিছে। এইটো মূলতঃ সাংবাদিকসকলক লক্ষ্য কৰি অপৰাধমূলক আইনসমূহ—যেনে মানহানিৰ আইন আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইন—বৰ্ধিতভাৱে ব্যৱহাৰ কৰাৰ ফল।

ইয়াৰ বিপৰীতে ভাৰতৰ চুবুৰীয়া দেশে সমূহৰ ভিতৰত পাকিস্তান ১৫৩ নম্বৰত, ভূটান ১৫০ নম্বৰত, নেপাল ৮৭ নম্বৰ, শ্ৰীলংকা ১৩৪ নম্বৰত আৰু বাংলাদেশ ১৫২ নম্বৰ স্থানত আছে।

লগতে পঢ়কঃ সাধাৰণ জনতালৈ সকাহ নে মাধমাৰ? আজিৰে পৰা বাঢ়িল চিলিণ্ডাৰৰ দাম


Advertisement